মৰিগাঁও,25 এপ্ৰিল: ক'ভিড-19 মহামাৰীৰ ত্ৰাস অব্যাহত থকাৰ সময়তে জাগীৰোডস্থিত নগাঁও কাগজ কলত উপস্থিত হৈ কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ জাগীৰোড কাগজ কল চিকিৎসালয়ক পুনৰ ক'ভিড-19 চিকিৎসালয় হিচাপে উন্নীত কৰা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷
জাগীৰোড কাগজ কল চিকিৎসালয় উন্নীত হ’ব ক'ভিড-19 চিকিৎসালয়লৈ - Minister Piyush Hazarika at Morigaon paper mil hospital
ক'ভিড-19 মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জাগীৰোড কাগজ কল চিকিৎসালয়ক পুনৰ ক'ভিড-19 চিকিৎসালয় হিচাপে উন্নীত কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷
জাগীৰোড কাগজ কল চিকিৎসালয় পুনৰ ক'ভিড-19 চিকিৎসালয়লৈ উন্নীত হ'ব
উল্লেখ্য যে, বিগত সময়চোৱাতো এই চিকিৎসালয়খন ক'ভিড চিকিৎসালয় হিচাপে ব্যৱহাৰ কৰা হৈছিল । ক'ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰো এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে । সম্প্ৰতি প্ৰায় 100 গৰাকী ক'ভিড ৰোগীৰ সুবিধাৰ বাবে কম দিনৰ ভিতৰতে চিকিৎসালয়খনক সাজু কৰি তোলা হ'ব বুলিও উল্লেখ কৰে ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে ৷
Last Updated : Apr 25, 2021, 1:23 PM IST