মৰিগাঁও, 17 ছেপ্টেম্বৰ: "আমাৰ সৈতে গৌৰৱ গগৈয়ে কোনো দিন ছাত্ৰ কংগ্ৰেছ, যুৱ কংগ্ৰেছ কৰা নাই । বাহিৰলৈ পঢ়িবৰ বাবে গ'ল । কোনোদিনে কংগ্ৰেছ নকৰা গৌৰৱ গগৈ সাংসদ হ’ল কেনেকৈ" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ । উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি বিতৰ্ক আৰু ৰাজসাহায্য লাভৰ বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত লাভ কৰিছে বিশেষ চৰ্চা ৷ বিৰোধীয়ে বিষয়টোৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে দলটোক সমালোচনাৰে থকা-সৰকা কৰা দেখিবলৈ পোৱা গৈছে ৷ আনহাতে, শাসকীয় বিজেপি দলে চল-চাতুৰীৰে বিষয়টোৰ পৰা গা এৰায় চলা পৰিলক্ষিত হৈছে ৷
উল্লিখিত বিতৰ্কটো সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক উভতি ধৰাৰ পিচত মন্ত্ৰী হাজৰীকাই এই সন্দৰ্ভত গৌৰৱ গগৈক আক্ৰমণ কৰে । মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "খুড়াক দ্বীপ গগৈক ডেগাৰ মাৰি, কলিয়াবৰৰ পৰা আঁতৰাই কেৱল পিতৃৰ বলত সাংসদ হৈছে গৌৰৱ গগৈ ৷ এই কথা সকলোৱে জানে । আজিৰ প্ৰজন্মৰ হয়তো দুই এজনে নাজানে । গতিকে মই সামাজিক মাধ্যমৰ জৰিয়তে সাংসদ গৌৰৱ গগৈক প্ৰশ্ন সুধিছোঁ । সামাজিক মাধ্যমৰ জৰিয়তে সাংসদ গৌৰৱ গগৈয়ে ইয়াৰ উত্তৰ দিয়ক ।"