অসম

assam

ETV Bharat / state

Pijush Hazarika slams Bhupen Bora: ভূপেন বৰাৰ কথাবোৰ অন্য গ্ৰহৰ পৰা অহা মানুহৰ দৰে: পীযুষ হাজৰীকা - প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

নন্ চিৰিয়াছ প’লিটিচিয়ান আখ্যা দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পুনৰ এবাৰ কটাক্ষ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ দললৈ কোন আহে, দলৰ পৰা কোন যায় এইবোৰক লৈ ভূপেন বৰাৰ কোনো মতলৱ নাই বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

Pijush Hazarika slams APCC president
Pijush Hazarika slams Bhupen Bora

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 6:07 PM IST

নন্ চিৰিয়াছ প’লিটিচিয়ান আখ্যা ভূপেন বৰাক

মৰিগাঁও, 13 নৱেম্বৰ:সোমবাৰে মৰিগাঁৱত ভূপেন বৰাক পুনৰ কটু ভাষাৰে সমালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ । ‘‘অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা এজন নন্ চিৰিয়াছ প’লিটিচিয়ান । তেওঁ সদায় বেলেগ গ্ৰহৰ পৰা অহা মানুহৰ লেখীয়াকৈ কথা কয় । গতিকে দললৈ কোন আহে, কোন যায় তাক লৈ কোনো প্ৰতিক্ৰিয়া নাই ভূপেন বৰাৰ ৷’’ মন্ত্ৰী হাজৰীকাই এইদৰে সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক ৷

লগতে তেওঁ কয়, ‘‘দেৱব্ৰত শইকীয়া এজন চিৰিয়াছ প’লিটিচিয়ান । গতিকে দেৱব্ৰত শইকীয়াই দলৰ পৰা মানুহ গ’লে চিন্তা কৰে । কিন্তু ভূপেন বৰাৰ দলৰ পৰা মানুহ বাহিৰ হৈ গ’লেও কোনো মতলব নাই । আমাৰ মতলব আছে । তেওঁক কেৱল নিজৰ আসনখন লাগে ৷"

মৰিগাঁও জিলাৰ জাগীৰোডৰ বাঘজাপত মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত সাংস্কৃতিক মহাৰণৰ অনুষ্ঠানত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে ভূপেন বৰাক এজন নিৰ্বাচনত হাৰা ৰাজনৈতিক নেতা বুলি কটাক্ষ কৰি কয়, ‘‘অহংকাৰ কৰি কোৱা নাই, মই নিবাৰ্চনত হাৰা নাই । আমাৰ দলৰ পৰা মানুহ গ’লে আমি চিন্তিত হওঁ । কোনোবাই দল এৰি গ’লে বেয়া লাগে আৰু দলত কি খেলিমেলি আছে সেয়া বুজিবলৈ চেষ্টা কৰোঁ ৷’’

উল্লেখ্য যে মাত্ৰ দুদিন পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই ৷ তাৰ পিচতেই নগাঁও কংগ্ৰেছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ কিন্তু এইক্ষেত্ৰত এক প্ৰকাৰ গা এৰা দিয়া মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ কিন্তু বিষয়টোক লৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ মন্তব্য আছিল ভূপেন বৰাতকৈ পৃথক ৷ যাক লৈ বিৰোধীয়ে ভূপেন বৰাক কটাক্ষ কৰিবলৈ সুৰুঙা লাভ কৰিছে ৷

অসম চৰকাৰৰ সাংস্কৃতিক মহা সংগ্ৰামৰ অধীনত বাঘজাপ ৰাস মন্দিৰত অনুষ্ঠিত কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে অসমৰ গাঁৱে-ভূঞে লুকাই থকা প্ৰতিভা সমূহক এখন মঞ্চ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে খেলমহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন কৰিছে । এনেদৰে সমগ্ৰ ৰাজ্যৰ খেলুৱৈ আৰু সাংস্কৃতিক প্ৰতিভা থকা যুৱক-যুৱতীক এখন মঞ্চ দিবলৈ পাই নিজকে অত্যন্ত সুখী বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

এই কাৰ্যসূচীত উপস্থিত থাকি মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই পৰিবেশন কৰে সুধাকণ্ঠৰ ‘‘মানুহে মানুহৰ বাবে’’ শীৰ্ষক কালজয়ী গীতটো ৷ মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে আঁতধৰা অনুষ্ঠানটিত অঞ্চলটোৰ শিল্পীসকলে বিভিন্ন গীত, নৃত্য পৰিবেশনৰে জীপাল কৰি তোলে ৷

লগতে পঢ়ক:Jayanta Malla Baruah : ভূপেন বৰাক ২৫ কোটি, ৰকিবুল হুছেইনক ৩০ কোটি, গৌৰৱ গগৈক ৪০ কোটিৰ অফাৰ

ABOUT THE AUTHOR

...view details