অসম

assam

ETV Bharat / state

মৰিগাঁৱত দহ দিনীয় মুকাভিনয় কৰ্মশালা

মৰিগাঁৱত মুকাভিনয়ৰ দহ দিনীয়া আবাসিক কৰ্মশালা । অসমত মুকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা মুকাভিনয়ৰ প্ৰতিযোগিতাত অংশ লোৱাৰ উদ্দেশ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে । "শৰাইঘাট ৰণ " শীৰ্ষক ঐতিহাসিক নাট মঞ্চায়ন হ’ব মুকাভিনয়ৰ জৰিয়তে ।

মুকাভিনয় কৰ্মশালা
মুকাভিনয় কৰ্মশালা

By

Published : Sep 18, 2020, 3:51 AM IST

মৰিগাঁও, 17 ছেপ্টেম্বৰ : মৰিগাঁৱত বিশিষ্ট মুকাভিনেতা মুকুন্দ নাথৰ নেতৃত্বত মুখাভিনয়ৰ ৭ দিনীয়া আবাসিক কৰ্মশালা ৷ মৰিগাঁও মুখা কালচাৰেল চেন্টাৰে বিগত ১০ বছৰ ধৰি মৰিগাঁৱৰ সমান্তৰালকৈ দেশৰ বিভিন্ন ঠাইত মুকাভিনয় আৰু নাট প্ৰদৰ্শন কৰি আহিছে । ভাৰতৰ বিভিন্ন‍ ঠাইত কৰ্মশালা আয়োজন কৰি মুকাভিনয় কলাটোৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত হাতত লৈছে বহু কাৰ্যসূচী ।

মৰিগাঁৱত দহ দিনীয় মুকাভিনয় কৰ্মশালা

একেদৰে আগন্তুক দিনত মুখাভিনয়ক মৰিগাঁৱৰ যুৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ উদেশ্যৰে মৰিগাঁৱত মুকুন্দ নাথৰ নেতৃত্বত ১০ দিনীয়াকৈ মুকাভিনয়ৰ আবাসিক কৰ্মশালা অনুষ্ঠিত কৰা হৈছে । উল্লেখযোগ্য এই আবাসিক কৰ্মশালাৰ জৰিয়তে আগন্তুক দিনত মাইম একাডেমীৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । ঐতিহাসিক পটভূমিত বিৰচিত শৰাইঘাট ৰণ নাটৰ জৰিয়তে অসমীয়া বীৰগাঁথাক পুনৰ এৰাব উদ্ভাসিত কৰা প্ৰয়াস কৰা হৈছে । কৰ্মশালাত ৰাজ্যখনৰ বিভিন্ন স্থানৰ বহুকেইজন যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰে ।

মুকাভিনয় কৰ্মশালা

আনহাতে অনুষ্ঠানটোৰ নেতৃত্বত থকা মুকুন্দ নাথে কয় যে, কেতবোৰ কাৰকৰ বাৰে বৰ্ত্তমান মুখাভিনয় প্ৰায় লুপ্ত অবস্থালৈ গতি কৰিছে। এই মুখা সংস্কৃতিক আকৌ ঘূৰাই আনিবলৈ তেওঁলোক যথেষ্ট আগ্ৰহী । সেয়েহে এনেদৰেই তেওঁ আৰু আন আন সহযোগী সকলে অব্যাহত ৰাখিছে এই পদক্ষেপ ।

লগতে পঢ়ক :সীমান্তৰ বিবাদ নিস্পত্তিৰ বাবে চীনক নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান ভাৰতৰ

ABOUT THE AUTHOR

...view details