অসম

assam

ETV Bharat / state

পূজা কমিটীৰ প্ৰতিনিধিৰে উপায়ুক্তৰ সভা‌ - Meeting of Marigaon DC with Puja Committee

আগন্তুক দুৰ্গা পূজা সুকলমে আৰু শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বিভিন্ন পূজা কমিটীৰ প্ৰতিনিধি বৰ্গৰ সৈতে মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সভা‌ (Meeting of Marigaon DC with Puja Committee) সম্পন্ন । উপায়ুক্ত দেৱাশীষ শৰ্মাৰ পৌৰাহিত্যত সভাখন অনুষ্ঠিত হয় ।

Meeting of Marigaon DC with Puja Committee
পূজা কমিটীৰ প্ৰতিনিধিৰে উপায়ুক্তৰ সভা‌

By

Published : Sep 19, 2022, 9:48 PM IST

ধিং, ১৯ছেপ্টেম্বৰ:মৰিগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে উপায়ুক্ত দেৱাশীষ শৰ্মাৰ পৌৰাহিত্যত এখন সভা সম্পন্ন হয় । জিলাখনত আগন্তুক দুৰ্গা পূজা সুকলমে আৰু শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হোৱাৰ স্বাৰ্থত বিভিন্ন পূজা কমিটীৰ প্ৰতিনিধি বৰ্গৰ সৈতে এখন সভা‌ (Meeting of Marigaon DC with Puja Committee) অনুষ্ঠিত হয় । উক্ত সভাত পূজা কমিটীৰ প্ৰতিনিধিৰ পৰামৰ্শ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।

এই সভাখনত আইন শৃংখলাজনিত ৰাজ্য চৰকাৰৰ স্থায়ী নিৰ্দেশনা (Governments directive on law and order) সমূহো পূজা কমিটী সমূহক অৱগত কৰা হয় । আজিৰ সভাখনত উপায়ুক্তৰ উপৰি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, জাগীৰোড উন্নয়ন সমিতিৰ দিব্যজ্যোতি নেওগ, মৰিগাঁৱৰ পৌৰপতি যোগেশ তামুলী, অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপুন, অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱা আৰু মৰিগাঁও জাগীৰোড পূজা সমিতিৰ প্ৰতিনিধি সকল উপস্থিত থাকে ।

লগতে পঢ়ক:জনজাতিকৰণক লৈ প্ৰতিক্ৰিয়া এতোৱা মুণ্ডাৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details