মায়ঙত খহনীয়াৰ কালৰূপ, ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম এখন বিদ্যালয় - মায়ং
মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত কটহগুৰী কালি মন্দিৰ প্ৰাথমিক বিদ্যালয়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ বিদ্যালয়খনৰ বাবে নিৰাপদ স্থান প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান স্থানীয় ৰাইজৰ ।

মায়ং,22মে': ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে কটহগুৰী কালি মন্দিৰ প্ৰাথমিক বিদ্যালয় ৷ মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়খন মূহুৰ্তৰ ভিতৰতে ব্ৰহ্মপুত্ৰ নদীত জাহ যোৱাৰ আশংকা কৰা হৈছে ৷ কাৰণ গৰাখহনীয়াত বিধ্বস্ত অঞ্চলটোত এতিয়া চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা। ইতিমধ্যে এপদ দুপদকৈ আজবাববোৰ বিদ্যালয়ৰ পৰা বাহিৰ কৰিছে স্থানীয় ৰাইজে। লগতে দুই এদিনৰ ভিতৰতে বিদালয়খন আন সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। স্থানীয় ৰাইজে বিদ্যালয়খনৰ বাবে এক নিৰাপদ স্থান প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়।