অসম

assam

ETV Bharat / state

ধৰমতুলৰ কিডনী ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড প্লাৱন বৰঠাকুৰক গ্ৰেপ্তাৰ - মৰিগাঁও আৰক্ষীৰ অধীক্ষক

অৱশেষত ধৰমতুলৰ কিডনী কাণ্ডৰ মাষ্টাৰ মাইণ্ড প্লাৱন বৰঠাকুৰক গ্ৰেপ্তাৰ কৰিলে মৰিগাঁও আৰক্ষীয়ে ৷ তামিলনাডুৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মাষ্টাৰ মাইণ্ড প্লাৱন বৰঠাকুৰক ৷

HUMAN ORGAN TRAFFICING CASE
ধৰমতুলৰ কিডনী ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড প্লাৱন বৰঠাকুৰক গ্ৰেপ্তাৰ

By

Published : Nov 3, 2021, 5:00 PM IST

মৰিগাঁও, 3 নৱেম্বৰ :মৰিগাঁও দক্ষিণ ধৰমতুলৰ কিডনী কাণ্ডৰে জড়িত মূল মাষ্টাৰ মাইণ্ড প্লাৱন বৰঠাকুৰক মঙলবাৰে তামিলনাডুৰ পৰা গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়ে । বুধবাৰে সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে মৰিগাঁও জিলাৰ আৰক্ষীৰ অধীক্ষক অপৰ্ণা নটৰাজনে ।

ধৰমতুলৰ কিডনী ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড প্লাৱন বৰঠাকুৰক গ্ৰেপ্তাৰ

মৰিগাঁৱৰ দক্ষিণ ধৰমতুলত কিডনীৰ বেহা চলোৱা মূল অভিযুক্ত প্লাৱন বৰঠাকুৰক চাৰি মাহৰ অন্তত গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়ে । সমগ্র ৰাজ্য তোলপাৰ লগোৱা কিডনী ব্যৱসায়ৰ লগত জড়িত মূল মাষ্টাৰ মাইণ্ড প্লাৱন বৰঠাকুৰে আত্মগোপন কৰি আছিল তামিলনাডুৰ কোয়েম্বাটুৰত ।

লগতে পঢ়ক:আৰক্ষীৰ জালত কিডনী ব্যৱসায়ী চক্ৰৰ অন্যতম অভিযুক্ত নিতু দাস

মৰিগাঁও আৰক্ষীয়ে ধাৰাবাহিক অনুসন্ধান চলাই আছিল বিগত চাৰিমাহ ধৰি । অৱশেষত মঙলবাৰে নিশা মূল মাষ্টাৰ মাইণ্ড প্লাৱন বৰঠাকুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৰিগাঁও আৰক্ষীয়ে ।

বুধবাৰে মৰিগাঁও আৰক্ষীৰ অধীক্ষক অপৰ্ণা নটৰাজনে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি কয়, গ্ৰেপ্তাৰ কৰাৰ পাচতে প্লাৱন বৰঠাকুৰক জেৰা অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে ৷ মানৱ দেহৰ অংগৰ ব্যৱসায়ৰ লগত আৰু কোন কোন জড়িত আছে সেয়া আৰু অধিক অনুসন্ধানৰ পাছতহে জানিব পৰা যাব বুলি সদৰী কৰে আৰক্ষীৰ অধীক্ষক গৰাকীয়ে ।

লগতে পঢ়ক:ধৰমতুল কাণ্ডৰ অভিযুক্ত ৰমেন মেধিৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details