মৰিগাঁও,13 জুন: ৰুষ্ট হৈ পৰিছে প্ৰকৃতি ৷ গৰমে দহা ৰাজ্য খনত বিগত দুদিনৰ পৰা বিভিন্ন প্ৰান্তত প্ৰকৃতিয়ে লৈছে ৰুদ্ৰ ৰূপ ৷ বিয়লিৰ ভাগত প্ৰচণ্ড ধুমুহা, মুষলধাৰ বৰষুণ মৰিগাঁৱৰ জিলাত । মঙলবাৰে বিয়লি ভাগত অহা ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিলে মৰিগাঁও চহৰত ৷ বিশেষকৈ মৰিগাঁও ছহীদ তিলক,হেমৰাম, গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ৰখাই থোৱা AS-01-AT-8822 নম্বৰ বিলাসী বাহন খনৰ ওপৰত গছ উভালি পৰাত বাহন খনৰ বিস্তৰ ক্ষতিসাধন হয় । পৰৰ্বতী সময়ত ৰাইজে দা কুঠাৰ লৈ গছ কাটি মুকলি কৰে বাহনখনৰ ৷
কেৱল সিমানে নহয় মৰিগাঁও চহৰৰ ৰাজপথতো বাগৰিল বৃহৎ বৃহৎ গছ ৷ তাৰ পিচতে স্থানীয় ৰাইজে দা-কুঠাৰ লৈ গছ কাটি মুকলি কৰে ৰাজপথ । চহৰখনৰ মাজমজিয়াত বিশেষকৈ ভি আই পি পথ আৰু জুদিচিয়েল ক’লনী সংযোগী পথৰ ওপৰত গছ বাগৰি পথ বন্ধ হৈ পৰে । লগে লগে পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীৰ নেতৃত্বত পৌৰকৰ্মীসকলে গছ আঁতৰাই পথ মুকলি কৰে ৷ ইফালে ধাৰাষাৰ বৰষুণৰ বাবে মৰিগাঁও চহৰৰ দৈনিক বজাৰত কৃত্ৰিম বানৰ সৃষ্টি হয় । ফলত কেইবাঘন্টা ধৰি আবদ্ধ হৈ পৰে শ শ যান বাহন ৷ কেইবাঘন্টা ধৰি আৱদ্ধ মৰিগাঁও চহৰৰ নাগৰিক ৷