মৰিগাঁও, 31 অক্টোবৰ :ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত মৰিগাঁৱৰ বিহুতলীত দুঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কিষাণ অধিকাৰ দিৱস তথা চৰ্দাৰ বল্লভ ভাই পেটেল আৰু ইন্দিৰা গান্ধীৰ জন্মৰ তিথিৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক কংগ্ৰেছ কমিটীৰ পূৰ্ব ঘোষিত কাৰ্যসূচী মতেই শনিবাৰে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।
মৰিগাঁও বিহুতলী প্ৰাংগনত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ জৰিয়তে শাসকীয় বিজেপি চৰকাৰে শেহতীয়াকৈ কৃষিজাত সামগ্ৰীক অত্যাৱশকীয় খাদ্য সামগ্ৰীৰ তালিকাৰ পৰা আঁতৰ কৰি দিয়াকে ধৰি তিনিখন কৃষক বিৰোধী আইন বাতিলৰ দাবী জনায় ।
কৃষক আইনৰ বিৰোধিতাৰে মৰিগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ - বিজেপি চৰকাৰ
মৰিগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ ৷ কৃষক আইনৰ বিৰোধিতাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ উপস্থিত প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলাম ৷

কৃষক আইনৰ বিৰোধিতাৰে মৰিগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ
উল্লেখ্য যে,প্ৰতিবাদী কাৰ্যসূচীত জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলাম আৰু জোন জোনালী বৰুৱাই অংশ লয় ।
লগতে পঢ়ক :ৰঙিয়াত দুৰ্বৃত্তৰ গুলীচালনাত আহত গুৱাহাটীৰ ব্য়ক্তি