মৰিগাঁও, 15 ছেপ্তেম্বৰ :জৰাজীৰ্ণ দলং মেৰামতিৰ বাবে মঙলবাৰে জাগীৰোডত সদৌ তিৱা ছাত্ৰ সন্থা আৰু তিৱা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সদৌ তিৱা ছাত্ৰ সন্থা আৰু তিৱা যুৱ ছাত্ৰ পৰিষদৰ জোনবিল আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
পথ আৰু দলং নিৰ্মাণৰ দাবীত মৰিগাঁৱত তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ - ডালমিয়া চিমেণ্ট
মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থা আৰু তিৱা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত পথ অৱৰোধ কাৰ্যসূচী ৷ জৰাজীৰ্ণ পথ আৰু দলং নিৰ্মাণৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

পথ আৰু দলং নিৰ্মাণৰ দাবীত মৰিগাঁৱত তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ
পথ আৰু দলং নিৰ্মাণৰ দাবীত মৰিগাঁৱত তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ
উল্লেখ্য যে,জাগীৰোড মৰিগাঁও সংযোগী পথত ভকত গাঁৱত কপিলী নৈৰ ওপৰত থকা জৰাজীৰ্ণ দলঙখন অতিশীঘ্ৰে নিৰ্মাণ কৰাৰ লগতে জাগীৰোডৰ পৰা ভকত গাঁৱলৈ যোৱা পথটি আৰু ডালমিয়া চিমেণ্ট কোম্পানীৰ সন্মুখৰ পথছোৱা অতিশীঘ্ৰে নিৰ্মাণ কৰি উলিওৱাৰ দাবীত বাংঠাই গাঁও চাৰিআলিত পথ অৱৰোধ কৰে ৷ অনতিপলমে পথটি মেৰামতি কৰিবৰ বাবে ৰাইজে দাবী জনাইছে অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৷
লগতে পঢ়ক :গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ