অসম

assam

ETV Bharat / state

মৰিগাঁৱত খহনীয়া ৰোধৰ বাবে আমছুৰ নদীৰ পাৰত অৱস্থান ধৰ্মঘট

মৰিগাঁৱত আমছুৰ প্ৰতিবাদ ৷ গৰাখহনীয়া ৰোধ কৰাৰ দাবীত নদীৰ পাৰত এই প্ৰতিবাদ আমছুৰ ৷ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান প্ৰতিবাদকাৰীৰ ৷

By

Published : Aug 20, 2020, 11:50 PM IST

Massive Protest By AAMSU At Morigaon
খহনীয়া ৰোধৰ বাবে মৰিগাঁৱত আমছুৰ নদীৰ পাৰত অৱস্থান ধৰ্মঘট

মৰিগাঁও, 20 আগষ্ট : ৰাজ্য়ত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে মৰিগাঁৱত আমছুৱে ব্যতিক্ৰমী ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ গৰাখহনীয়া ৰোধ কৰাৰ দাবীত আমছুৱে ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ন কৰে ৷

হাতে হাতে বেনাৰ,প্লে'কাৰ্ড লৈ খহনীয়াগ্ৰস্ত লোকসকলৰ লগতে আমছুৱে চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে,ভূৰাগাঁৱৰ ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

খহনীয়া ৰোধৰ বাবে মৰিগাঁৱত আমছুৰ নদীৰ পাৰত অৱস্থান ধৰ্মঘট

জিলাখনৰ লাহৰীঘাটৰ ভূৰাগাঁৱত আমছু আৰু স্থানীয় ভুক্তভোগী লোকসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ নদীৰ পাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানৰে উত্তাল কৰি তোলে সমগ্ৰ ভূৰাগাঁৱৰ নৈপৰীয়া অঞ্চল । আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিৰে বান,গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত আমছুয়ে এই কাৰ্যসূচী গ্ৰহণ কৰে । আনকি,চৰকাৰে এই সমস্যাৰ স্থায়ী সমাধান নকৰাক লৈ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে ৷

খহনীয়া ৰোধৰ বাবে মৰিগাঁৱত আমছুৰ নদীৰ পাৰত অৱস্থান ধৰ্মঘট

লগতে পঢ়ক :প্ৰতিবাদী কণ্ঠৰে সৰৱ হৈ পৰিল টিংখাঙৰ ৰাজপথ

ABOUT THE AUTHOR

...view details