ধিং, 7 আগষ্ট: ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিপৰ্যস্ত কৰি তুলিছে মৈৰাবাৰীৰ একাংশ লোকক ৷ সুৰক্ষিত স্থান বিচাৰি ঢাপলি মেলিছে নৈপৰীয়া ৰাইজে ৷ নিজ হাতেৰে ভাঙিব লগীয়া হৈছে নিজৰেই ঘৰ ৷ মুঠতে এক যুদ্ধকালীন পৰিস্থিতি ৷ এই পৰিস্থিতি সৃষ্টি হৈছে মৈৰাবাৰীৰ ভজাইখাইতিত ৷ উক্ত অঞ্চলটোত ব্ৰহ্মপুত্ৰই লৈছে ভয়ংকৰ ৰূপ ৷ চপৰা চপৰে খহিছে গৰা ৷ চকুৰ পলকতে নৈ বুকুত জাহ গৈছে ঘৰৰ ভেটি মাটি ৷ ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷
পুৱাৰ ভাগৰ পৰা ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লোৱাত সেই স্থান এৰিবলৈ সাজু হৈছে সেই অঞ্চলটোৰ নৈপৰীয়া ৰাইজ ৷ কাৰণ যিকোনো সময়তে নৈ বুকুত জাহ যাব পাৰে ঘৰৰ ভেটি মাটি ৷ ঘন্টাত প্ৰায় 10 পৰা 15 মিটাৰকৈ খহাইছে গৰা ৷ ইফালে ভজাইখাইতিৰ মূল মথাউৰি খহাই নিয়াত যি কোনো মূহুৰ্তত বানপানীৰ সৃষ্টি হ’ব পাৰে ।
ইতিমধ্যে ভজাইখাইতি অঞ্চলৰ ৪০ টা পৰিয়ালৰ লোক গৃহহীন হৈছে খহনীয়াৰ ফলত । আনহাতে খহনীয়া প্ৰতিৰোধৰ বাবে মৰিগাঁও জিলাৰ জলসম্পদ বিভাগৰ লোকে যুদ্ধকালীন তৎপৰতাৰে জিঅ’ বেগৰ কাম কৰিছে যদিও খহনীয়াৰ প্ৰকোপ কমা নাই । শ শ শ্ৰমিকে খহনীয়াৰ স্থলীত জিঅ’ বেগৰ ভিতৰত মাটি ভৰাই পেলাই আছে যদিও প্ৰতিৰোধ হোৱা নাই খহনীয়া ।