অসম

assam

ETV Bharat / state

আমিনুলৰ পৰা পৰিত্ৰাণ বিচাৰি ধিঙত সমূহীয়া দোৱা প্ৰাৰ্থনা - অখিল গগৈ

ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পৰা পৰিত্ৰাণ বিচাৰি দেওবাৰে সমষ্টিটোৰ প্ৰায় দুই সহস্ৰাধিক লোকে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে । আমিনুলে বিগত ১০ বছৰত সমষ্টিবাসীক নকৰিবলগীয়া সকলো কৰিছে । ধিং সমষ্টিৰ উন্নয়নত আমিনুল ইছলাম এতিয়া প্ৰধান অন্তৰায় ।

MASS PAYER AT DHING
আমিনুলৰ পৰা পৰিত্ৰাণ বিচাৰি ধিঙত সমূহীয়া নামাজ দোৱা

By

Published : Mar 14, 2021, 8:24 PM IST

মৰিগাঁও,14 মাৰ্চ:আমিনুল, বদৰউদ্দিনে অখিল গগৈক মুছলমান বিৰোধী বুলি ভূৱা প্ৰচাৰ চলাইছে । এই দাবী ৰাইজৰ দলৰ ৰাজ্যিক সমন্বয়ক ৰাজু বৰাৰ ৷ বৰাই এআইইউডিএফ-ৰ বিধায়ক আমিনুল ইছলাম আৰু দলটোৰ প্ৰধান বদৰউদ্দিন আজমলক কটাক্ষ কৰি কয় যে, কাজিৰঙাত মুছলমানক উচ্ছেদ কৰাৰ সময়ত তিনিমাহ মুছলমানৰ কাৰণে জেল খাটিছিল, কিন্তু তেতিয়া আমিনুল বদৰউদ্দিন শুই আছিল । অখিল গগৈ মানুহৰ লগত আছে । অখিল গগৈ কোনো ধৰ্মৰ লগত নাই । ৰাইজৰ দল মুছলমান বিৰোধী নহয় ।

উল্লেখ্য যে, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পৰা পৰিত্ৰাণ বিচাৰি দেওবাৰে সমষ্টিটোৰ প্ৰায় দুই সহস্ৰাধিক লোকে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে । তেওঁলোকক দাবী, আমিনুলে বিগত ১০ বছৰত সমষ্টিবাসীক নকৰিবলগীয়া সকলো কৰিছে । ধিং সমষ্টিৰ উন্নয়নত আমিনুল ইছলাম এতিয়া প্ৰধান অন্তৰায় । তেওঁলোকক আমিনুলৰ পৰা পৰিত্ৰাণ লাগে । সেয়ে মৈৰাবাৰীত এইসকল লোকে আল্লাহৰ ওচৰত এনেদৰে কান্দি কান্দি দোৱা প্ৰাৰ্থনা কৰে ৷ এই দোৱা প্ৰাৰ্থনাত অংশলৈ ৰাইজৰ দলৰ ৰাজ্যিক সমন্বয়ক ৰাজু বৰাই এই মন্তব্য কৰে ৷

লগতে পঢ়ক :শিৱসাগৰত কংগ্ৰেছ মহাজোঁটৰ সংবাদমেল

ABOUT THE AUTHOR

...view details