অসম

assam

ETV Bharat / state

মৰিগাঁৱৰ বিভিন্ন স্থানত মাস্ক বিতৰণ জিলা প্ৰশাসনৰ - Covid 19 India

ক'ভিড-১৯ (Covid-19)ৰ ভয়াৱহতা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ প্ৰয়াস মৰিগাঁও জিলা প্ৰশাসনৰ । বৃহস্পতিবাৰে জিলাখনৰ বজাৰ এলেকাকে ধৰি বিভিন্ন স্থানত বিনামূলীয়াকৈ মাস্ক বিতৰণ (Mask distribution) কৰে মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিয়ে ।

mask-distributed-by-morigaon-district-administration
মৰিগাঁৱৰ বিভিন্ন স্থানত মাস্ক বিতৰণ জিলা প্ৰশাসনৰ

By

Published : Jun 11, 2021, 11:08 AM IST

ধিং, ১১ জুন: মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে মৰিগাঁও জিলা প্ৰশাসনে । মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ যুটীয়া প্ৰচেষ্টাত বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন স্থানত মাস্ক বিতৰণ(Mask distribution) কৰা হয় । মৈৰাবাৰী বজাৰ, লাহৰীঘাট, ভুৰাগাঁও, ভুৰবন্দা, চৰাইবাসী, জালুগুটি, বাৰপুজীয়া, মায়াবজাৰকে ধৰি মৰিগাঁৱৰ কেইবাটাও স্থানত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে ।

মৰিগাঁৱৰ বিভিন্ন স্থানত মাস্ক বিতৰণ জিলা প্ৰশাসনৰ

লাহৰীঘাট ৰাজহ চক্ৰৰ সংলগ্ন ৰাজহ বিষয়া মানস জ্যোতি বৰা, জিলাখনৰ সহকাৰী আয়ুক্ত মৈত্ৰেয়ী মৰাণ, ভুৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (Circle Officer) সংগীতা দেৱী, আৰু মায়েং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই বজাৰৰ দোকানী, পথচাৰী, সৰু সৰু লৰা-ছোৱালীৰ মাজত বিনামূলীয়াকৈ মাক্স বিতৰণ কৰে ।

মৰিগাঁৱৰ বিভিন্ন স্থানত মাস্ক বিতৰণ জিলা প্ৰশাসনৰ

ক'ভিড-১৯ (Covid-19)ৰ ভয়াৱহতা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে । বৃহস্পতিবাৰ পৰ্যন্ত জিলাখনত ৫,৪১৬ জন লোক মহামাৰীৰ কবলত পৰিছে । আনহাতে, এতিয়ালৈকে জিলাখনৰ ৩১ জন লোকৰ মৃত্যু হৈছে ।

মৰিগাঁৱৰ বিভিন্ন স্থানত মাস্ক বিতৰণ জিলা প্ৰশাসনৰ

লগতে পঢ়ক:পুনৰ বানৰ কবলত লাইকা-দধীয়াবাসী

ABOUT THE AUTHOR

...view details