মৰিগাঁও, 19 অক্টোবৰঃ উল্লেখ্য যে,লক ডাউনৰ বাবে মৰিগাঁও পৌৰসভাৰ অধীনৰ শনিবৰীয়া সাপ্তাহিক বজাৰ খন দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছে ৷ ফলত জহি-খহি যাবলৈ ধৰিছে তিনি শতাধিক ক্ষুদ্ৰ-ক্ষুদ্ধ বজাৰ গৃহবোৰ ৷ ইফালে শৌচ,প্ৰস্ৰাৱ ঘৰকে আদি কৰি সকলোবোৰ হাবি আৰু আৱৰ্জনাৰে ভৰি পৰাত এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে ৷
আনহাতে মৰিগাঁও চহৰৰ 11টা ৱাৰ্ডৰ একমাত্ৰ সাপ্তাহিক বজাৰ খন দীৰ্ঘ দিন ধৰি বন্ধ হোৱাত বহু অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল । ইফালে এই সাপ্তাহিক বজাৰ খনৰ ওপৰতেই নিৰ্ভৰ কৰিয়েই বজাৰ খনৰ চকীদাৰ তথা বহু ক্ষুদ্ৰ ব্যৱসায়ী সকলে পৰিয়াল পোহ পাল দি আছিল ৷ দীৰ্ঘ দিন ধৰি বজাৰ খন বন্ধ হৈ থকাত উপায়ন্তৰ হৈ চৰকাৰক বজাৰ খন খোলাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ লগতে স্থানীয় লোকসকলে ৷