মৰিগাঁও, 10 ছেপ্তেম্বৰ: বুধবাৰে মৰিগাঁৱৰ বিহুতলীত মুকলি কৰা হয় কৃষিভিত্তিক উৎপাদন আৰু বাণিজ্যৰ সংস্থাৰ বিপণী ৷ আত্মসহায়ক গোট আৰু থলুৱা ক্ষুদ্ৰ উদ্যোগত উৎপাদিত সামগ্ৰী সমূহ উপভোক্তাৰ মাজত যোগান ধৰাৰ উদ্দেশ্যে মুকলি কৰা হয় বিপণী খন ৷ বিপণী খনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাৰ্যকৰী পৰিচালক জয়ন্ত পাটোৱাৰীৰ লগতে জিলা খনৰ অতিৰিক্ত উপায়ুক্ত, পশু চিকিৎসক ডাঃ নীলোৎপল কাকতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷
থলুৱা সামগ্ৰী যোগানৰ অৰ্থে মৰিগাঁৱত বিপণী মুকলি - মৰিগাঁৱত বিপণী মুকলি
আত্মসহায়ক গোট আৰু থলুৱা ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা উৎপাদিত সামগ্ৰী সমূহ উপভোক্তাৰ মাজত যোগান ধৰাৰ উদ্দেশ্যে মৰিগাঁৱত মুকলি কৰা হ'ল কৃষিভিত্তিক উৎপাদন আৰু বাণিজ্যৰ সংস্থাৰ বিপণী ৷
মৰিগাঁৱত বিপণী মুকলি
উল্লেখ্য যে, মৰিগাঁৱত জিলাখনৰ সকলো আত্মসহায়ক গোটৰ উৎপাদিত সামগ্ৰী যোগান ধৰিব এই সংস্থাই ৷ ইয়াৰোপৰি গ্ৰাহক সকলৰ বাবে সেই সামগ্ৰী স্বাস্থ্যসন্মত হোৱাৰ লগতে সুলভ মূল্যত উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই ৷
লগতে পঢ়ক:বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস : আত্মহত্যাৰ প্ৰৱনতা আৰু মানসিক স্বাস্থ্য