অসম

assam

ETV Bharat / state

এগৰাকীৰ মাতৃৰ হিয়াভঙা কান্দোন - Marigaon

অৰ্থৰ অভাৱত পুত্ৰৰ চিকিৎসা কৰিব নোৱাৰি কান্দোনত ভাঙি পৰিছে এগৰাকী মাতৃ ৷ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পুত্ৰ নাজিমুল ইছলামৰ চিকিৎসাৰ বাবে বেংক একাউন্ট 0779010318860 নম্বৰত অথবা 9101914991 ফোন নম্বৰত যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছে মাতৃ জুবেদা খাতুনে ৷

As_DHING_poor_mother_need_help_for_sons_treatment_img_AS 10013
এগৰাকীৰ মাতৃৰ হিয়াভঙা কান্দোন

By

Published : Dec 12, 2020, 1:19 PM IST

মৰিগাঁও,12 ডিচেম্বৰঃ এগৰাকীৰ মাতৃৰ হিয়াভঙা কান্দোন ৷ অৰ্থৰ অভাৱত পুত্ৰৰ চিকিৎসা কৰিব নোৱাৰি কান্দোনত ভাঙি পৰিছে মাতৃ ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত হাতীলৰুৱা পথাৰ গাঁৱৰ নাজিমুল ইছলাম নামৰ যুৱকজন ৷ দুৰ্ঘটনাটোত নাজিমুলৰ ৰাজহাড় ভাঙি যোৱাত বিগত দহ পোন্ধৰ দিনে বিছনাতে পৰি থাকিবলগীয়া হৈছে নাজিমুল ৷

জুবেদা খাতুনৰ পাছবুক

পিতৃৰ মৃত্যুৰ পিছত নাজিমুলেই আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী ৷ দুৰ্ঘটনাই পৰিয়ালটোলৈ কঢ়িয়াই আনিছে কাল অমানিশা ৷ দুৰ্ঘটনাৰ পিছত নাজিমুলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিয়াৰ বাবে পৰামৰ্শ দিয়ে কিন্তু অৰ্থৰ অভাৱত সেয়া সম্ভৱ হৈ নুঠিল দৰিদ্ৰ পৰিয়ালটোৰ বাবে। আনহাতে, অৰ্থৰ অভাৱত অসুস্থ পুত্ৰক চিকিৎসা কৰিব নোৱাৰি চকুলো টুকিছে নাজিমুলৰ মাতৃ জুবেদা খাতুনে ৷ এইক্ষেত্ৰত দৰিদ্ৰ এই পৰিয়ালটোক প্ৰয়োজন আপোনাৰ অলপ সহায়ৰ ৷ যদি কোনো সদাশয় ব্যক্তিয়ে সহায় আগবঢ়াব বিচাৰে তেন্তে অসুস্থ নাজিমুল ইছলামৰ মাতৃ জুবেদা খাতুনৰ বেংক একাউন্ট 0779010318860 নম্বৰত অথবা 9101914991 ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায় ।

লগতে পঢ়ক-কামাখ্যাত উপস্থিত RSS প্ৰধান মোহন ভাগৱত

ABOUT THE AUTHOR

...view details