অসম

assam

ETV Bharat / state

মৰিগাঁৱত চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ দুৱাৰ মুকলি

মৰিগাঁৱত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বিজয় লক্ষী নাৰ্ছিংহোম এণ্ড ৰিৰ্ছাজ চেন্টাৰ । জিলাখনৰ কেইবাগৰাকীয়ো জ্যেষ্ঠ তথা কনিষ্ঠ চিকিৎসকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই চিকিৎসালয় তথা গৱেষণা কেন্দ্ৰটো।

marigaon-nurshinghome-and-research-center-inauguration
মৰিগাঁৱত চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ দুৱাৰ মুকলি

By

Published : Nov 6, 2020, 9:27 PM IST

মৰিগাঁও, ৬ নৱেম্বৰ:শুকুৰবাৰে মৰিগাঁৱত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বিজয় লক্ষী নাৰ্ছিংহোম এণ্ড ৰিৰ্ছাজ চেন্টাৰ । জিলাখনৰ কেইবাগৰাকীয়ো জ্যেষ্ঠ তথা কনিষ্ঠ চিকিৎসকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা চিকিৎসালয় তথা গৱেষণা কেন্দ্ৰটো মুকলি কৰে মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰোহিনী কুমাৰ বৰকটকীয়ে । উক্ত চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰটোৱে জিলাখনৰ দীৰ্ঘকালীন এক সমস্যা সমাধান কৰিব বুলি মন্তব্য কৰে অনুস্থানত উপস্থিত থকা কেইবাগৰাকীয়ো ব্যক্তিয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে চিকিৎসালয়খনে প্ৰসূতি বিভাগৰ চিকিৎসা আগবঢ়াই আহিছিল।

মৰিগাঁৱত চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ দুৱাৰ মুকলি

শুকুৰবাৰৰ এই মুকলি সভাত উপস্থিত থাকে চিকিৎসালয়খনৰ স্বত্বাধিকাৰী ডাঃ ধীৰেণ নাথ, জ্যেষ্ঠ ডাঃ সোণেশ্বৰ দেউৰজা, সাহিত্যিক মিলেশ্বৰ পাটৰ, ডাঃ জয়ন্ত কুমাৰ নাথ, মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক খগেন মহন্ত, মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ জয়ফুল নাথ, ডাঃ চিন্ময় বৰুৱা কে প্ৰমূখ্যে বহুকেইজন জ্যেষ্ঠ নাগৰিক।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details