অসম

assam

By

Published : May 30, 2021, 10:29 PM IST

ETV Bharat / state

মৰিগাঁৱত সংবাদ কৰ্মীক ক’ভিড সুৰক্ষা টোপোলা বিতৰণ জিলা কংগ্ৰেছৰ

মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত সংবাদ কৰ্মীক সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিধায়ক ডাঃ আচিফ নাজাৰৰ ক’ভিড সুৰক্ষা টোপোলা বিতৰণ ৷

marigaon-district-congress-distribute-covid-care-topola
মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত সংবাদকৰ্মীক ক’ভিড সুৰক্ষা টোপোলা বিতৰণ

মৰিগাঁও, 30 মে': মৰিগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত দেওবাৰে সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিধায়ক ডাঃ আচিফ নাজাৰৰ সংবাদ কৰ্মীক মাস্ক, ছেনিটাইজাৰ বিতৰণ । উল্লেখযোগ্য যে, দেওবাৰে মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত ক’ভিড সহায়ক কেন্দ্ৰ মুকলি কৰি ক’ভিড-19 বিৰুদ্ধে সকলোকে ঐক্যবদ্ধভাৱে যুঁজ দিবৰ বাবে আহ্বান জনায় ।

মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত সংবাদকৰ্মীক ক’ভিড সুৰক্ষা টোপোলা বিতৰণ

মন কৰিবলগীয়া যে, জিলাখনৰ ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে ভূৰবন্ধা জিলা পৰিষদৰ সদস্য পবিত্ৰ বৰাক সমন্বয়ক ৰূপে বিশেষ দ্বায়িত্ব অৰ্পণ কৰা হয় । বৰাই জিলাখনৰ সকলো ক’ভিভ সম্পৰ্কীয় বিষয়ে তদাৰক কৰিব বুলি সদৰী কৰে সাংসদ গৰাকীয়ে ।

আনহাতে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ প্ৰদ্যুত বৰদলৈয়ে কয় যে কংগ্ৰেছ কৰ্মী সকলে জিলাখনৰ বিভিন্ন ঠাইত ঘৰত থকা ক’ভিড পজিটিভ ৰোগীক খাদ্য সম্ভাৰৰ যোগান ধৰাৰ সমান্তৰালকৈ চিকিৎসক আৰু চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰি সহায়ৰ হাত আগবঢ়াই আহিছে বুলি মন্তব্য কৰি মৰিগাঁও জিলাত ক’ভিড চিকিৎসালয়ত আই চি ইউ নথকাৰ বাবে চৰকাৰক সমালোচনা কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ।

লগতে পঢ়ক:মৰাণৰ দৈনিক বজাৰৰ পাচলি দোকানত গ্ৰাহকৰ মাজত নাই সামাজিক দূৰত্ব

ABOUT THE AUTHOR

...view details