অসম

assam

ETV Bharat / state

মৰিগাঁৱত দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰাধিকাৰীৰ উদ্যোগত প্ৰশিক্ষণ - Marigaon Disaster management department

২৪-২৬ ফেব্ৰুৱাৰীলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ সহযোগত ফাৰ্ষ্ট এইড আৰু ট্ৰ’মা মেনেজমেণ্টৰ ওপৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে আৰক্ষীৰ মাজত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ শুকুৰবাৰে এই কাৰ্যসূচীৰ সফল সামৰণি পৰে ৷

as-mrg-26-fb-disaster trainging-rtu-804-vis-img-bt-as100005
মৰিগাঁৱত দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰাধিকাৰীৰ উদ্যোগত প্ৰশিক্ষণ

By

Published : Feb 27, 2021, 9:58 AM IST

মৰিগাঁও,27 ফেব্ৰুৱাৰী:মৰিগাঁও জিলা দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰাধিকাৰীৰ উদ্যোগত তিনিদিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি । সামৰণি অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে ।

২৪-২৬ ফেব্ৰুৱাৰীলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ সহযোগত ফাৰ্ষ্ট এইড আৰু ট্ৰ’মা মেনেজমেণ্টৰ ওপৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে আৰক্ষীৰ মাজত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ ২৪ গৰাকী আৰক্ষীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচী জিলা অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ মুখ্য কাৰ্যবাহী বিষয়া অজিত কুমাৰ শৰ্মাই উদ্বোধন কৰে ।

মৰিগাঁৱত দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰাধিকাৰীৰ উদ্যোগত প্ৰশিক্ষণ

মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ দিচেন বৰদলৈ, ইণ্ডিয়ান ৰেডক্ৰ’ছ ছ’চাইটিৰ ৰাজ্যিক শাখাৰ প্ৰ’গ্ৰাম মেনেজাৰ ৰাজকুমাৰ শৰ্মা, অগ্নি আৰু আপাতকালীন সেৱা আৰু এছডিআৰএফ-ৰ ষ্টেচন অফিচাৰ মণ্টু ওৰাং সমল ব্যক্তি হিচাপে এই অনুষ্ঠানত উপস্থিত থাকে ।

মৰিগাঁৱত দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰাধিকাৰীৰ উদ্যোগত প্ৰশিক্ষণ

ইয়াৰ উপৰিও দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ ৫ গৰাকীকৈ ক্ষেত্ৰ বিষয়াই এই কাৰ্যসূচীত উপস্থিত থাকে । জিলাখনৰ অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগ আৰু এছডিআৰএফ-ৰ বিশেষজ্ঞসকলে প্ৰশিক্ষণৰ সময়ত ফাৰ্ষ্ট এইড আৰু ট্ৰ’মা মেনেজমেণ্টৰ ওপৰত ব্যৱহাৰিক কাৰুকাৰ্য প্ৰদৰ্শন কৰে ৷ অনুষ্ঠানৰ শেষত অংশগ্ৰহণকাৰী সকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷

লগতে পঢ়ক-নিৰ্বাচনৰ প্ৰাকক্ষণত অসম আৰক্ষীত বৃহৎ ৰদবদল

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details