মৰিগাঁও,9 জানুৱাৰী: শুকুৰবাৰে মৰিগাঁও জিলাত আৰম্ভ কৰা হয় ক’ভিড 19ৰ প্ৰতিষেধক প্ৰদানৰ অনুশীলন ৷ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জি এন এম নাৰ্চ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত কৰা এই অনুশীলনৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলা উপায়ুক্ত লীনা দাসে ৷ মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত আয়োজিত এই প্ৰতিষেধক প্ৰদান অনুশীলনত উপস্থিত থাকে মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰোহিনী বৰকটকী, অধীক্ষক ডাঃ নবীন ভূঞা, মহকুমা চিকিৎসা বিষয়া ডাঃ অৰুণ নাথ, ব্লক তত্বাবধায়ক ডাঃ সোণেশ্বৰ দেউৰজা প্ৰমুখ্যে বহুকেইজন জ্যেষ্ঠ চিকিৎসা বিষয়া ৷
মৰিগাঁৱত কৰ’ণা প্ৰতিষেধকৰ প্ৰশিক্ষণ আৰম্ভ - COVID 19 vaccination
শুকুৰবাৰে মৰিগাঁও জিলাত আৰম্ভ কৰা হয় ক’ভিড 19ৰ প্ৰতিষেধক প্ৰদানৰ অনুশীলন ৷ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জি এন এম নাৰ্চ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত কৰা এই অনুশীলনৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলা উপায়ুক্ত লীনা দাসে ৷
মৰিগাঁৱত কৰ’ণা প্ৰতিষেধকৰ প্ৰশিক্ষণ আৰম্ভ
এই প্ৰতিষেধক প্ৰদান অনুশীলনত নবীন বৰুৱা নামৰ চিকিৎসা কৰ্মী এগৰাকীক ক’ভিড 19ৰ প্ৰতিষেধক প্ৰদানৰ আখৰা সম্পন্ন কৰা হয় ৷ উল্লেখ্য যে, বিগত 28 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে এই ড্ৰাই ৰান শোণিতপুৰ আৰু নলবাৰী জিলাত সম্পন্ন কৰা হয় ৷ ইয়াৰ পিছতেই শিৱসাগৰ জিলাতো এই প্ৰতিষেধক প্ৰদান অনুশীলন শিবিৰ অনুষ্ঠিত কৰা হয় ৷
লগতে পঢ়ক-মৰিশালিত পৰিণত ঐতিহাসিক শিলঘাটৰ এটা চৰকাৰী কাৰ্যালয়