অসম

assam

ETV Bharat / state

জাগীৰোড-কাছাৰ কাগজ কলক পুনৰুজ্জীৱিত কৰাৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত,মৰিগাঁও জিলা কংগ্ৰেছ আৰু জাগীৰোড ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে জাগীৰোড হাল্লাবোল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰথী-মহাৰথীৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰে ।

By

Published : Oct 7, 2020, 8:14 PM IST

কাগজ কলক পুনৰুজ্জীৱিত কৰাৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ
কাগজ কলক পুনৰুজ্জীৱিত কৰাৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

মৰিগাঁও, 7 অক্টোবৰ :জাগীৰোড আৰু কাছাৰ কাগজ কলক পুনৰুজ্জীৱিত কৰাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জাগীৰোড কাগজ কলৰ সন্মুখত অসম ৰাজ্যিক কংগ্ৰেছৰ কমিটিয়ে আয়োজন কৰে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ।

কাগজ কলক পুনৰুজ্জীৱিত কৰাৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত,মৰিগাঁও জিলা কংগ্ৰেছ আৰু জাগীৰোড ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে জাগীৰোড হাল্লাবোল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰথী-মহাৰথীৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদত উপস্থিত থাকে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ পৰা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীকে আদি কৰি সমূহ বিধায়ক,তথা প্ৰাক্তন মন্ত্ৰীসকল ৷

কাগজ কলক পুনৰুজ্জীৱিত কৰাৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি কাগজ কলদুটাৰ সন্মুখত অব্যাহত আছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী । অৱশেষত বুধবাৰে অসম ৰাজ্যিক কংগ্ৰেছ কমিটিয়ে নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল পুনৰ উজ্জীৱিত কৰাৰ দাবীত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰে ৰাইজৰ পক্ষত থিয় দিলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,সাংসদ গৌৰব গগৈ,দেবব্ৰত শইকীয়া,প্ৰদ্যুৎ বৰদলৈ,নজৰুল ইছলাম,জোনজোনালী বৰুৱা,বুবুল দাসকে আদি কৰি কেইবাজনো জ্যেষ্ঠ-কনিষ্ঠ কংগ্ৰেছী নেতা ৷

লগতে পঢ়ক :নলবাৰী পৌৰসভাৰ নৱ-নিৰ্মিত ভৱন মুকলি

ABOUT THE AUTHOR

...view details