মৰিগাঁও, 22 ছেপ্টেম্বৰ :মৰিগাঁও জিলা সত্ৰ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ শিশু হত্যাৰ গোচৰৰ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান ন্যায়াধীশ সুনীল কুমাৰ পোদ্দাৰ বিচাৰপীঠৰ ৷ শিশু হত্যাৰ গোচৰত অভিযুক্ত মণি মহন্তক হত্যা, প্ৰমাণ নোহোৱা কৰিবলৈ জ্বলাই দিয়া, মৃতদেহ শিয়াল কুকুৰক ভক্ষণ কৰোৱাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে মৰিগাঁও জিলা সত্ৰ ন্যায়ালয়ে ।
২০১৬ চনৰ ৫ ডিচেম্বৰত মৰিগাঁৱৰ সমীপৱৰ্তী বৰঙাবাৰী গাঁৱৰ স্বামীহীনা এগৰাকী মহিলাক অবৈধ সম্পৰ্ক কৰাৰ বাবে বিভিন্ন ধৰণৰ প্ৰলোভন দি ব্যৰ্থ হৈছিল একে গাঁৱৰে মণি কাকতি । ইয়াৰ প্ৰতিশোধ ল’বলৈ মণি কাকতিয়ে মহিলাগৰাকীৰ আঠ বছৰীয়া পুত্ৰক ঘৰতে হত্যা এটা কাৰ্টনত ভৰাই নিৰ্জন পথাৰত পেলাই প্ৰমাণ নাইকিয়া কৰাৰ উদ্দেশ্যৰে জ্বলাই দিছিল । ফলত নিশা শিয়াল কুকুৰে ভক্ষণ কৰে শিশুটিৰ অৱশিষ্ট ।