অসম

assam

ETV Bharat / state

মৰিগাঁৱত নৃশংস হত্যাকাণ্ড! হত্যাকাৰীক আটক আৰক্ষীৰ

হত্যাকাৰীক ফাঁচীৰ দাবীত স্থানীয় ৰাইজে ধৰমতুল থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

মৰিগাঁৱত নৃশংস হত্যাকাণ্ড!

By

Published : May 2, 2019, 10:54 AM IST

মৰিগাঁও , 02 মে': মৰিগাঁও ধৰমতুল 1নং নাৰমাৰীত বুধবাৰে নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৷ কুঠাৰাঘাত কৰি ৰৌস্তুম আলী নামৰ এজন লোকে ভূপেন ডেকা(50) নামৰ এজন লোকক নিৰ্মমভাৱে হত্যা কৰে ৷

মৰিগাঁৱত নৃশংস হত্যাকাণ্ড!

ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে নিশা পূৰ্বৰ আখেজৰ বাবে ৰৌস্তুম আলী আৰু ভূপেন ডেকাৰ মাজতে সামান্য বাক বিতণ্ডা হয় ৷ আৰু বাক বিতণ্ডাৰ পৰিণতিতে ভূপেন ডেকাক ৰৌস্তুমে নৃশংস ভাৱে কুঠাৰেৰে আঘাত কৰে ৷ কুঠাৰে ঘপিওয়া শব্দ শুনি স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ ৰৌস্তুমক আটক কৰাৰ লগতে ধৰমতুল আৰক্ষীক খবৰ দিয়ে ৷ ইপিনে ৰাইজে ভূপেন ডেকাক মুমূৰ্ষু অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে ভূপেনক মৃত ঘোষণা কৰে ৷ সম্প্ৰতি ধৰমতুল আৰক্ষীয়ে হত্যাকাৰীক আটক কৰিছে যদিও গাঁও খনৰ সকলোৱে থানাত উপস্থিত হৈ হত্যাকাৰীক ফাঁচিৰ দাবী তুলি বিভিন্ন শ্লগানৰে ধৰমতুল থানা উত্তাল কৰি তোলে ৷

মৰিগাঁৱত নৃশংস হত্যাকাণ্ড!

ABOUT THE AUTHOR

...view details