মৰিগাঁও, 23 ছেপ্টেম্বৰঃমৰিগাঁও জিলাৰ লাহৰীঘাটত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা পোহৰলৈ আহিছে ৷ বৰখাৱল গাঁৱৰ ৰিজাবুল নামৰ এজন যুৱকে এগৰাকী মানষিক বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাচতে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে অভিযুক্ত ৰিজাবুলৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল ৷ আৰু তেওঁলোকৰ গোচৰৰ ভিত্তিতে লাহৰীঘাট আৰক্ষীয়ে ৰিজাবুলক আটক কৰিছিল ৷ কিন্তু আৰক্ষীয়ে অভিযুক্ত ৰিজাবুলৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা নোলোৱাকৈয়ে তেওঁক আৰক্ষী থানাৰ পৰা যাবলৈ দিয়ে বুলি যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ তুলিছে ৷ তেওঁলোকৰ অভিযোগ অনুসৰি আৰক্ষী আৰু অভিযুক্ত গৰাকীৰ মাজত এক বৃহৎ অংকৰ ধনৰ লেন-দেন হৈছে যাৰ বাবে আৰক্ষীয়ে এনেদৰে অভিযুক্ত ৰিজাবুলক আৰক্ষী থানাৰ পৰা যাবলৈ দিয়ে ৷ ইয়াকে লৈ এতিয়া লাহৰীঘাটৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এতিয়া প্ৰশ্ন হয় সঁচাকৈ আৰক্ষী আৰু অভিযুক্ত ধৰ্ষণকাৰীৰ মাজত ধনৰ বুজা-বুজি হৈছিল নেকি ? সেয়া সময়ত গম পোৱা যাব ৷