মৰিগাঁও, 27 জুন :ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হত্যা, হিংসা আৰু ধৰ্ষণৰ ঘটনা ৷ শেহতীয়াভাৱে কোকৰাঝাৰৰ দুই কিশোৰীক ধৰ্ষণ কৰি গছত ওলোমাই থৈ যোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই মৰিগাঁৱত সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বালিডোঙাত এটি ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰি মৰাপাটৰ খেতিত পেলাই থৈ যোৱা নাৰকীয় কাণ্ডৰ মূল অভিযুক্ত ছৈয়দ আলীক শনিবাৰে গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে ৷ পলাতক অৱস্থাত থকা ছৈয়দ আলী ওৰফে পাঠাক শনিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বৰ্তমান মৰিগাঁও সদৰ আৰক্ষী নিৱেশত ৰখা হৈছে আৰু তেওঁৰ বিৰুদ্ধে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷
বিগত 20 জুনত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বালিডোঙাত এটি ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰি দুৰ্বৃত্তই মৰাপাট খেতিত পেলাই থৈ যোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ ঘটনাৰ বহুদিন উকলি যোৱাৰ পাচতো দুৰ্বৃত্তক আটক কৰিব নোৱাৰাত শুকুৰবাৰে ৰাতিপুৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ভূৰাগাঁৱত উপস্থিত হৈ ঘটনাৰ বুজ লৈ স্থানীয় ৰাইজ, ভুক্তভোগী পৰিয়াল আৰু তদন্তকাৰী বিষয়াসকলৰ লগত আলোচনাত মিলিত হৈ ক্ষীপ্ৰতাৰে তদন্তৰ নিৰ্দেশ দিছিল আৰক্ষীক ।