অসম

assam

ETV Bharat / state

অসম কন্যালৈ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা - মৰিগাঁৱৰ তামুলীবড়ীৰ গিৰিকান্থ মহন্তৰ জ্যেষ্ঠ কন্যা

2020 বৰ্ষৰ বিশ্বশান্তি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত অসম কন্যা । মায়ানগৰী মুম্বাইত প্ৰতিষ্ঠিত তথা বহুকেইটা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক যুতিকা মহন্তক কেন্দ্ৰীয় চৰকাৰে আগবঢ়াই এই বঁটা ৷ সমাজৰ হকে নিঃস্বাৰ্থ সেৱা আগবঢ়োৱাৰ বাবেই প্ৰদান কৰে এই বঁটা ৷

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা
অসম কন্যালৈ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা

By

Published : Aug 16, 2020, 9:47 AM IST

মৰিগাঁও, 16 আগষ্টঃবিশ্বশান্তি মহাত্মা গান্ধী বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ সুযোগ্য কন্যা যুতিকা মহন্ত । মায়ানগৰী মুম্বাইত সুপ্ৰতিষ্ঠিত যুতিকা মহন্তলৈ 2020 বৰ্ষৰ বিশ্বশান্তি মহাত্মা গান্ধী বঁটা আগবঢ়াই কেন্দ্ৰীয় চৰকাৰে । বিগত দহ বছৰে মায়ানগৰী মুম্বাইত থাকি বিশ্ব শান্তি আৰু সমাজৰ বাবে নিঃস্বাৰ্থ সেৱা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হোৱা যুতিকা মহন্ত মৰিগাঁৱৰ তামুলীবড়ীৰ গিৰিকান্থ মহন্তৰ জ্যেষ্ঠ কন্যা । দেশৰ সন্মানীয় বিশ্ব শান্তি মহাত্মা গান্ধী বঁটা প্ৰাপক যুতিকা মহন্তই এই সন্মান লাভ কৰাৰ পূৰ্বে বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সৰ্ব ভাৰতীয় পৰ্যায়তো বহু উল্লেখযোগ্য বঁটা বুটলিবলৈ সক্ষম হৈছে ।

অসম কন্যালৈ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা

ইয়াৰ ভিতৰত কেইটামান বঁটা হৈছে অসম সাহিত্য সভাৰ আকাশৰ ৰামধেনু বঁটা, ছিক্কিম ৰেড কাৰ্পেট চ'ছিয়েল এৱাৰ্ড, 2018, প্ৰাগ প্ৰেৰণ এৱাৰ্ড, 2019, আন্তৰাষ্ট্ৰীয় মহিলা দিৱস এৱাৰ্ড আদি কৰি বহুকেইটা আগশাৰীৰ বঁটা পাবলৈ সক্ষম হৈছে । শেহতীয়াকৈ দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগন্তুক দিনত প্ৰদান কৰিবলগীয়া এই বঁটা বুটলি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে যুতিকা মহন্তই । বঁটা প্ৰাপক হিচাপে ইটিভি ভাৰত অসমৰ সৈতে হোৱা সাক্ষাৎকাৰত যুতিকা মহন্তই কয় যে এনে পদক্ষেপৰ বাবে তেওঁ কাম কৰিবলৈ উৎসাহিত হৈছে । সাহস পাইছে । ভবিষ্যতৰ বাটত এইয়া প্ৰেৰণাৰ অমল উৎস ৷

অসম কন্যালৈ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা

লগতে পঢ়কঃচৰকাৰী বিদ্যালয়ত নিশা লৈকে উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা

ABOUT THE AUTHOR

...view details