মৰিগাঁও/হোজাই 17 ছেপ্তেম্বৰ:বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্ব কৰ্মা পূজাৰ সমান্তৰালকৈ সনাতন ধৰ্মাৱলম্বী লোক সকলৰ বাবে আজি আন এক বিশেষ দিন ৷ ধৰাৰ বুকুত নামিছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা ৷ আজি শুভ মহালয়া উপলক্ষে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে মৰিগাঁৱত ৷ কৰ'ণা সৃষ্টি শংকাকো নেওচি কাহিলী পুৱাতে মৰিগাঁৱৰ ৰাইজ ওলাই গ'ল মহালয়াৰ পানী তুলিবলৈ ৷ লোকে লোকাৰণ্য হৈ পৰিল জাগীৰোডৰ পদপথ ৷
মহালয়া উপলক্ষে মৰিগাঁও,হোজাইত উখল-মাখল পৰিৱেশ
মৰিগাঁও আৰু হোজাইত মহালয়া উপলক্ষে ৰাইজৰ মাজত কাহিলী পুৱাতে দেখিবলৈ পোৱা গ'ল এক উৎসৱমুখৰ পৰিৱেশ ৷ কৰ'ণা সৃষ্টি শংকাকো নেওচি ৰাইজে কাহিলী পুৱাতে ওলাই গ'ল মহালয়াৰ পানী তুলিবলৈ, মন্দিৰত মূৰ দোৱাবলৈ ৷
উখল-মাখল পৰিৱেশ
আনহাতে মহালয়া উপলক্ষে আনবাৰৰ তুলনাত কিছু সেৰেঙা হ'লেও হোজাই জিলাতো দেখিবলৈ পোৱা গ'ল ভক্তপ্ৰাণ ৰাইজৰ সমাগম ৷ হোজাইৰ ঐতিহ্যমণ্ডিত মা লংকেশ্বৰী মন্দিৰত মূৰ দোৱাই ৰাইজে আশীৰ্বাদ গ্ৰহণ কৰা পৰলক্ষিত হ'ল ৷