মৰিগাঁও,25 অক্টোবৰ:মৰিগাঁও পৌৰসভাৰ অধীনষ্ঠ এটা পুখুৰী ৷ সৌন্দৰ্য বৰ্ধনৰ বাবে খন্দা হৈছিল পুখুৰীটো ৷ এসময়ত পদুম ফুলেৰে জকমকাই থকা এই পুখুৰীটো সংৰক্ষণৰ অৰ্থে নামাকৰণ কৰা হৈছিল পদুম পুখুৰী হিচাপে । ইয়াৰ বাবে বহু আঁচনিৰো অনুমোদন হৈছিল । কিন্তু ইয়াৰ পিছতো উন্নয়ন নহ’ল পুখুৰীটোৰ ৷
শেহতীয়াকৈ বিজেপি চৰকাৰৰ আমোলাত এই পুখুৰীটো আধুনিকীকৰণৰ বাবে এক কোটি টকীয়া আঁচনি অনুমোদন কৰা হৈছে ৷ এই আঁচনিৰ অধীনত কিন্তু আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল কোনো কাম ৷ এই প্ৰসংগত উত্থাপিত অভিযোগ অনুসৰি জনৈক বৰা উপাধিৰ এজন ঠিকাদাৰৰ হেমাহি তথা উদাসীনতাৰ বাবে সম্প্ৰতি এনেদৰে পৰিত্যক্ত অৱস্থাত আছে পুখুৰীটো ৷