মৰিগাঁও,16 ফেব্ৰুৱাৰীঃসোমবাৰে গণেশ বন্দনাৰে মুখৰিত হৈ পৰিল ৰাজ্যৰ চৌদিশ ৷ লোকে-লোকাৰণ্য হৈ পৰিল গণেশ মন্দিৰসমূহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহৰ লগতে মৰিগাঁৱৰ শ'লমাৰীৰ গণেশ মন্দিৰতো ভগৱান গণেশৰ আশীষ ল’বলৈ সমাগম ঘটিল বহু ভক্তৰ ৷
প্ৰায় 600 বছৰীয়া পৌৰাণিক শ'লমাৰীৰ শ্ৰীশ্ৰীগণেশ মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় গণেশ পূজা । এই পৌৰাণিক গণেশ মন্দিৰলৈ সোঁত বয় শ'লমাৰীৰ পাশ্বৰ্ৱতী অঞ্চলৰ দুই শতাধিক ভক্তপ্ৰাণ ৰাইজৰ ৷ ভক্তসকলে মনোবাঞ্চা পূৰণ কৰাৰ লক্ষ্যৰে সিদ্ধিদাতাৰ চৰণত আগবঢ়ালে শৰাই-নৈবেদ্য ৷