মৰিগাঁও,৫ আগষ্ট:আজি অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক মৃত্যু দিৱস । ৰাজ্যজুৰি পালন কৰা হৈছে বৰদলৈৰ মৃত্যু দিৱসটি । ৰাজ্যৰ চুকে-কোণে স্মৰণ কৰা হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীক । ৰাজ্য চৰকাৰৰ আহ্বান মৰ্মে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসটি পালন কৰা হয় লোক কল্যাণ দিৱস হিচাপে ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মৰিগাঁৱতো লোকপ্ৰিয় গোপীনাথ বৰদলৈ পুণ্য তিথিৰ উপলক্ষে পালন কৰা হয় লোক কল্যাণ দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি এজন লোকক প্ৰদান কৰা হয় লোক সেৱা বঁটা । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে লোক কল্যাণ দিৱসটি পালন কৰা হয় ।
উক্ত অনুষ্ঠানত লোক সেৱা বঁটা প্ৰদান কৰা হয় মৰিগাঁও জিলা পশু পালন আৰু চিকিৎসা বিভাগৰ সহযোগী পুৰ্ণ চন্দ্ৰ হাজৰিকাক ৷ বঁটা প্ৰদানৰ পিছতে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই মন্তব্য আগবঢ়াই যে, বঁটা প্ৰাপ্ত হাজৰিকাই বিশেষ কৈ ক'ভিড কালত যি সেৱা আগবঢ়ালে সেইয়া সঁচাকৈ আদৰণীয় ।