অসম

assam

By

Published : Apr 14, 2020, 11:04 AM IST

ETV Bharat / state

লক ডাউনঃ বৃহৎ ক্ষতিৰ সন্মুখীন মৰিগাঁৱৰ কৃষক

বিক্ৰীৰ অভাৱত গেলিছে কেইবা মেট্ৰিক টন ৰঙালাও ৷ ফলত লাখ লাখ টকাৰ লোকচান হৈছে মৰিগাঁৱৰ ৰঙালাও খেতিয়ক সকলৰ ৷

lock down impacts on morigaon cultivator
বৃহৎ ক্ষতিৰ সন্মুখীন মৰিগাঁৱৰ কৃষক

মৰিগাঁও,14 এপ্ৰিলঃবিশ্বজুৰি অব্যাহত আছে মহামাৰী কৰ'ণাতংক । চলি আছে লক ডাউন । লক ডাউনৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন ৰাজ্যৰ কৃষকসকল ৷ বিমোৰত পৰিছে মৰিগাঁৱৰ ৰঙালাও খেতিয়কসকল ৷ খেতি পথাৰতে গেলিছে বৃহৎ পৰিমাণৰ ৰঙালাও ৷ লগতে লক ডাউনৰ গইনাৰে পথাৰৰ পৰাই একাংশই চুৰ কৰি নিছে ৰঙালাও। বিক্ৰীৰ অভাৱত এতিয়া ঘৰতে জমা কৰিব লগা হৈছে কেইবা মেট্ৰিক টন ৰঙালাও ৷ ইফালে ঘৰতে জমা কৰি ৰখা ৰঙালাওবোৰ গেলিবলৈ আৰম্ভ কৰিছে ৷

লক ডাউনঃ বৃহৎ ক্ষতিৰ সন্মুখীন মৰিগাঁৱৰ কৃষক

উল্লেখ্য যে, মৰিগাঁৱৰ কৃষি বিভাগৰ জালুগুটি কৃষিচক্ৰৰ চোলাপাৰ গাঁৱৰ যুৱকসকল এটা সময়ত আছিল বহিঃৰাজ্য কেৰালাত । দুবছৰৰ পূৰ্বে ঘৰলৈ আহি ৰঙালাও খেতিৰে আত্মসংস্থাপনৰ পথ মুকলি কৰিছে এওঁলোকে। পিছে এইবাৰ কৰ'ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত হোৱা লক ডাউনৰ বাবে ভীষণ লোকচানৰ সন্মুখীন হৈছে কৃষকসকল । ফলত চৰম হতাশাত ভুগিছে এইসকল ৰঙালাও খেতিয়ক । এতিয়া তেওঁলোকৰ একমাত্ৰ ভৰষা চৰকাৰ-প্ৰশাসন তথা কৃষিবিভাগৰ বিষয়-ববীয়াসকল ৷

লগতে পঢ়কঃকোন কোন অসমীয়া তাৰকাই ৰাইজক জনালে ৰঙালীৰ শুভকামনা

ABOUT THE AUTHOR

...view details