অসম

assam

ETV Bharat / state

Police thrash minor case: লাহৰীঘাট আৰক্ষী থানাৰ সন্মুখত স্থানীয় ৰাইজৰ প্ৰতিবাদ - people protest in front of Lahrighat police station

এটা ভাইৰেল ভিডিঅ'ক লৈ ৰাজ্যজুৰি চাঞ্চল্য(Sensation across the state over a viral video) । এগৰাকী ১৩ বছৰীয়া কিশোৰক অমানৱীয় আৰু নিৰ্মমভাৱে মাৰপিট কৰাৰ ঘটনাক লৈ উত্তাল লাহৰীঘাট । বিস্কুট চুৰি কৰাৰ অপৰাধতে মাৰপিট কৰিছিল কিশোৰজনক ।

protest against laharighat police
লাহৰীঘাট আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ: SI ক নিলম্বনৰ দাবী

By

Published : Mar 22, 2022, 3:13 PM IST

ধিং, ২২ মাৰ্চ:লাহৰীঘাট আৰক্ষী থানাৰ এটা ভাইৰেল ভিডিঅ'ই ৰাজ্য জুৰি সৃষ্টি কৰিছে তোলপাৰ । লাহৰীঘাট আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক উপেন চন্দ্ৰ বৰদলৈয়ে এগৰাকী ১৩ বছৰীয়া কিশোৰক অমানৱীয় আৰু নিৰ্মমভাৱে মাৰপিট কৰা ভিডিঅ’ ETVকে ধৰি বিভিন্ন সংবাদ মাধ্যমত ভাইৰেল হোৱাৰে পৰা ৰাজ্য জুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

থানাত জব্দকৃত গাড়ীৰ পৰা বিস্কুট চুৰি কৰাৰ অপৰাধত কিশোৰজনক নিৰ্মমভাৱে মাৰপিট কৰিছিল সহকাৰী উপ-পৰিদৰ্শক গৰাকীয়ে (Police thrash minor for stealing biscuits) । ইতিমধ্যে সহকাৰী উপ-পৰিদৰ্শক গৰাকীক মৰিগাঁও জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে তৎকালীন ভাৱে সোমবাৰে নিলম্বন কৰিছে বুলি জানিব পৰা গৈছে (ASI suspended for beating 13 year old boy in police station) ।

এগৰাকী ১৩ বছৰীয়া কিশোৰক অমানৱীয় আৰু নিৰ্মমভাৱে মাৰপিট কৰাৰ ঘটনাক লৈ উত্তাল লাহৰীঘাট

থানাৰ ভিতৰত এনেদৰে নিৰ্মমভাৱে অত্যাচাৰ কৰা আৰক্ষী বিষয়া উপেন চন্দ্ৰ বৰদলৈৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ লগতে উপযুক্ত শাস্তিৰ দাবীৰে আজি লাহৰীঘাট আৰক্ষী থানাৰ সন্মুখত স্থানীয় ৰাইজৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তুলে প্ৰতিবাদকাৰীসকলে ।

কিশোৰক নিৰ্মমভাৱে মাৰপিট কৰা আৰক্ষীক নিলম্বন কৰিলেই নহব, তেওঁৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে সকলোৱে । আজি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ লগতে শতাধিক স্থানীয় ৰাইজে ।

লগতে পঢ়ক:কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক অবৈধ আখ্যা ২৪ প্লাছ সংগঠনৰ

ABOUT THE AUTHOR

...view details