অসম

assam

By

Published : Mar 18, 2021, 1:22 PM IST

ETV Bharat / state

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰম্পৰাত ক্ষোভিত স্থানীয় ৰাইজ

মৰিগাঁৱৰ ভূৰাগাঁৱত দুই ফৈদৰ মাজত হতাহতি। আৰক্ষীৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ। পুত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি লাহৰীঘাট সমষ্টিৰ ভূৰাগাঁৱত ভোটাৰ ৰাইজৰ ৰোষত পৰিল প্ৰাক্তন মন্ত্ৰী, বিধায়ক ডাঃ নজৰুল ইছলাম ।

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰম্পৰাত ক্ষোভিত স্থানীয় ৰাইজ
পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰম্পৰাত ক্ষোভিত স্থানীয় ৰাইজ

মৰিগাঁও,18 মাৰ্চ : নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতেই ভূৰাগাঁৱত দুই ফৈদৰ মাজত হতাহতি । পুত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি লাহৰীঘাট সমষ্টিৰ ভূৰাগাঁৱত ভোটাৰ ৰাইজৰ ৰোষত পৰিল প্ৰাক্তন মন্ত্ৰী, বিধায়ক ডাঃ নজৰুল ইছলাম ।

গ'বেগ ধ্বনি দিয়াক লৈ বিধায়ক ডাঃ নজৰুল ইছলামৰ সমৰ্থক আৰু ক্ষোভিত ভোটাৰৰ মাজত তীব্ৰ বাক-বিতণ্ডা হতা-হতিৰ সৃষ্টি হয় । ইয়াৰ পাছতেই ভূৰাগাঁও আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

উল্লেখ্য যে বিধায়কজনে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰম্পৰা বৰ্তাই ৰাখিবলৈ নিজৰ পুত্ৰক টিকট দিয়াৰ পিছতেই আৰু অধিক ক্ষোভিত হৈ পৰিছে সমষ্টিৰ ভোটাৰ ৰাইজ । ইতিমধ্যে সমষ্টিৰ বিভিন্ন স্থানত বিধায়ক আৰু তেওঁৰ পুত্ৰ তথা কংগ্ৰেছ আৰু মহাজোঁটৰ প্ৰাৰ্থীৰ ৰোষৰ বলি হ'ব লগা হৈছে ।

লগতে পঢ়ক:আজি কৰিমগঞ্জলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ABOUT THE AUTHOR

...view details