চিকিৎসক অবিহনে পৰিচালিত মৰিগাঁৱৰ বানপীড়িত অঞ্চলৰ চিকিৎসালয়
কাৰ্যত চিকিৎসক অবিহনে চলিছে ৰাজ্যৰ প্ৰভাৱশালী নেতা পীয়ুষ হাজৰিকাৰ গৃহ জিলা মৰিগাঁৱৰ একাংশ চিকিৎসালয় ৷ বানত প্লাৱিত চিকিৎসালয়লৈ ৰোগীয়ে আহি লাভ কৰা নাই চিকিৎসকৰ চিকিৎসা ৷
মৰিগাওঁ,22 ছেপ্টেম্বৰঃমৰিগাঁৱৰ একাংশ চিকিৎসালয়ত অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ লাহৰীঘাট বিধানসভা সমষ্টিত অব্যাহত ভদীয়া বানৰ তাণ্ডৱৰ মাজত চিকিৎসকৰ অভাৱত প্ৰাথমিক চিকিৎসাৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া হৈছে অঞ্চলটোৰ বানপীড়িত ৰাইজে ৷ সমষ্টিটোৰ অন্তৰ্গত বৃহত্তৰ কুশতলী অঞ্চলটোত ভদীয়া বানে অঞ্চলবাসী ৰাইজক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰাৰ লগতে প্ৰভাৱিত কৰিছে চিকিৎসা সেৱা ৷ অঞ্চলটোৰ কুশতলী প্ৰাথমিক চিকিৎসালয়খনৰ চৌপাশ ভদীয়া বানে প্লাৱিত কৰাত চিকিৎসাৰ বাবে ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ অঞ্চলবাসী ৰাইজৰ এই দুখ-দুৰ্দশা চৰকাৰী কৰ্তৃপক্ষই কিদৰে গুৰুত্ব প্ৰদান কৰে সেয়াহে লক্ষণীয় হ'ব ৷