মৰিগাঁও, ৪ আগষ্ট :মৰিগাঁৱত শুক্ৰবাৰে অসম বিধান সভাৰ এঘাৰজনীয়া বিধায়িনী দলে পৰ্যবেক্ষণ কৰিলে জিলাখনত ৰূপায়ন হোৱা বহুকেইটা উন্নয়নমূলক আঁচনি । পুৱাৰ মানিপুৰৰ দুটাকৈ আঁচনি পৰ্যবেক্ষণ কৰি বিয়লি জিলা আয়ুক্ত কাৰ্যলয়ত বৈঠকত মিলিত হয় বিধায়িনী দলটো ।
মানিপুৰৰ দুটাকৈ আঁচনি পৰ্যবেক্ষণ কৰাৰ পিচতে এই সন্দৰ্ভত মন্তব্য় কৰে অসম বিধান সভা বিত্তীয় সমিতিৰ অন্যতম সদস্য ৰেকুবুদ্দিন আহমেদ । অসম চৰকাৰৰ আবন্টিত পুঁজি যাতে সঠিকভাৱে কাম হয় আৰু ৰাইজৰ পক্ষত যাতে কাম হয় তাৰেই আশা কৰা বুলি মন্তব্য কৰে অসম বিধানসভা বিত্তীয় সমিতিৰ অন্যতম সদস্য ৰেকিবুদ্দিন আহমেদে । এই দলটোৰ নেতৃত্ব দিয়ে গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ।
উল্লেখ্য় যে অসম বিধানসভাৰ এঘাৰজনীয়া বিধায়ক সদস্যৰ দলে শুক্ৰবাৰে মৰিগাঁৱত পৰ্যবেক্ষণ কৰিলে একাধিক উন্নয়ন মূলক আঁচনি । ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ পুঁজিৰে ৰূপায়ন কৰা এই আঁচনি পৰ্যবেক্ষণৰ বাবে শুক্ৰবাৰে মৰিগাঁও আবৰ্ত্ত ভৱনত উপস্থিত হৈ বিধায়িনী দলটো প্ৰথমে উপস্থিত হৈ মানিপুৰৰ নিৰ্মাণৰত ষ্টেডিয়ামৰ উন্নয়নৰ বুজ লয় । এই দলটোৰ নেতৃত্ব দিয়া গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কয় যে মানিপুৰত নিৰ্মীয়মান ষ্টেডিয়ামৰ কাম মন্থৰ গতিত হৈ থাকিলেও কামখিনি বন্ধ হোৱা নাই ।