মৰিগাঁও,২৩জুন : আলোচনা পন্থী আলফা নেতা জিতেন দত্তৰ এটা ফেচবুক প'ষ্টৰ বাবে তীব্ৰ প্ৰতিক্ৰীয়া সৃষ্টি হৈছে তিনিচুকীয়া জিলাত ।
আলফা নেতা জিতেন দত্তৰ ফেচবুক প'ষ্ট : তীব্ৰ প্ৰতিক্ৰিয়া তিনিচুকীয়াত - মোলাং
২২জুনত আলোচনা পন্থী আলফা নেতা জিতেন দত্তই ফেচবুকত দিয়া এটা ফেচবুক প'ষ্টৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তিনিচুকীয়াত ৷
উল্লেখ্য যে, ২২জুনত আলোচনা পন্থী আলফা নেতা জিতেন দত্তই ফেচবুকত এটা প'ষ্ট দিছিল । প'ষ্টটোত আলফা নেতাগৰাকীয়ে তিনিচুকীয়া জিলাৰ মোলাং গাঁৱৰ দিহিঙৰ নদীৰ চাপৰিত সন্দেহযুক্ত লোকে বাস কৰি আছে বুলি মন্তব্য কৰি প্ৰশাসনে অতি শীঘ্ৰে এই ঘৰসমূহ উচ্ছেদ নকৰিলে নিজাববীয়া পদক্ষেপ ল’বলৈ বাধ্য হ’ম বুলি সকীয়াই দিছিল । ফেচবুকত দিয়া এই প'ষ্টৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ তিনিচুকীয়া জিলাত । যাৰ বাবে দেওবাৰে মাৰ্ঘেৰিটা মহকুমাৰ ৰাজহ চক্ৰ বিষয়া ৰাকেশ চেত্ৰী,দণ্ডাধীক্ষ ঝৰ্ণা পাটগিৰিয়ে দিহিং নদীৰ চাপৰিলৈ গৈ তদন্ত কৰি দত্তৰ উক্ত দাবী অমূলক বুলি প্ৰকাশ কৰে । অঞ্চলটোৰ কেইজনমান নিবনুৱা যুৱকে লীজত লৈ খেতি কৰা মাটিত সন্দেহযুক্ত লোকে ঘৰ সাজি বসবাস কৰা বুলি দিয়া ষ্টেটাচৰ বাবে অঞ্চলটোৰ যুৱকসকল ক্ষোভিত হৈ পৰিছে । পূৰ্বেও লিডুৰ মোলাং গাৱঁৰ দিহিঙৰ চাপৰিত আলোচনাপন্থী আলফা নেতা জিতেন দত্তই প্ৰথমে সন্দেহযুক্ত লোক আৰু পাছত বনভূমিত বসবাস কৰি অহা বুলি কৈ একাংশ পৰিয়ালক প্ৰশাসনৰ জড়িয়তে উচ্ছেদ কৰাইছিল । বৰ্তমান বহু বিঘা ভূমি দত্ত আৰু তেওঁৰ একাংশ অনুগামীৰ দখলত আছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ।