অসম

assam

Morigaon CM vigillance: উৎকোচ লৈ থকাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ লাটমণ্ডলক

By

Published : Jun 14, 2023, 5:52 PM IST

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী পদক্ষেপক ভেঙুচালি একাংশ বিষয়া কৰ্মচাৰীৰ। বুধবাৰে মৰিগাঁৱত পুনৰ এজন লাটমণ্ডলে দাঙিলে হাত।মৰিগাঁৱত উৎকোচ লৈ হাতে-লোটে ধৰা পৰে লাটমণ্ডল । মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ লাটমণ্ডল জালালুদ্দিন শ্বেখ ।

Lat mandal arrested by CM vigillance in Morigaon
উৎকোচ লৈ থকাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ লাটমণ্ডলক

মৰিগাঁও, 14 জুন : দুৰ্নীতিৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিছে ৰাজ্য চৰকাৰ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিটো বিভাগক নিকা আৰু স্বচ্ছভাৱে কাম কৰিবলৈ নিৰ্দেশনা দিয়াৰ পিচতো একাংশ বিষয়া কৰ্মচাৰীয়ে উৎকোচ লোৱা প্ৰথা অব্যাহত ৰাখিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলি থকাৰ সময়তে মৰিগাঁৱত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে জালালুদ্দিন নামৰ এজন ঘোচখোৰ লাটমণ্ডলক।

উত্থাপিত অভিযোগ অনুসৰি জিলাখনৰ ভুৰাগাঁৱত নতুন কৈ স্থাপন কৰিবলৈ যো-জা কৰা ইটাভাটাৰ বাবে প্ৰয়োজন হোৱা মাটিৰ NOC তথা আপত্তিবিহীন প্ৰমাণপত্ৰ দিয়াৰ নামত লাটমণ্ডল জালালুদ্দিন শ্বেখে স্বত্বাধিকাৰী ফাইজুদ্দিনৰ পৰা দাবী কৰিছিল 5 লাখ টকা । তাৰ পিচতেই সেই দাবী অনুসৰি বুধবাৰে মৰিগাঁৱৰ এটা ভাড়াঘৰত 5 লাখ টকা লোৱাৰ বন্দোৱস্ত হৈছিল ।

সেই অনুসৰি বুধবাৰে ভুৰাগাঁৱৰ ফাইজুদ্দিন নামৰ উদ্যোগীজনে লাটমণ্ডল জালালুদ্দিনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল মুখ্যমন্ত্ৰী দুনীতি নিবাৰক শাখাৰ কাৰ্যলয়ত।

লগতে পঢ়ক:Himanta Biswa Militant link: মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবীৰে কংগ্ৰেছৰ প্ৰতিবাদ

তাৰ পিচতে নিৰ্ধাৰিত সময় অনুসৰি উৎকোচ লৈ থকাৰ সময়তে পূৰ্বৰে পৰা খাপ পিতি ৰৈ থকা মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলটোৱে হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে লাটমণ্ডল জালালুদ্দিনক ৷ সম্প্ৰতি অভিযানকাৰী দলটোৱে হাতে-লোটে জালালুদ্দিন শ্বেখ নামৰ লাটমণ্ডলটোক গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে ৷

এই ঘটনাই মৰিগাঁও জিলাৰ ভুৰাগাঁও আৰু মৰিগাঁও চহৰত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া । অৱশ্যে তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ সন্মুখত কোনোধৰণৰ মন্তব্য দিয়া নাই অভিযানকাৰী দলটোৱে ।

বিগত সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উৎকোচ লোৱাৰ গোচৰত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত কেইবাজনো লাটমণ্ডল তথা বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইতিপূৰ্বে মুখ্যমন্ত্ৰীয়ে ৰাজহ বিভাগত দুৰ্নীতি সংঘটিত কৰিলে ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ নিৰ্দেশনা জাৰি কৰিছিল ৷

লগতে পঢ়ক:Police take bribe: 200 টকা উৎকোচ লৈ শ’লঠেকত পৰিল আৰক্ষী জোৱান

ABOUT THE AUTHOR

...view details