অসম

assam

By

Published : Feb 3, 2021, 1:32 PM IST

ETV Bharat / state

আনক চিকিৎসা কৰি ফুৰা লাওবাবা নিজেই চিকিৎসাধীন

চিকিৎসকৰ শৰণাপন্ন হ'ল লাহৰীঘাটৰ টেঙাগুৰিৰ লাওবাবা ৷ লাহৰীঘাট আৰক্ষীৰ তৎপৰতাত অসুস্থ লাও বাবাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান লাহৰীঘাটৰ মহাত্মা গান্ধী চিকিৎসালয়ত চিকিৎসাধীন লাওবাবা ওৰফে হবিবুৰ ৰহমান ৷

laobaba-admitted-hospital
আনক চিকিৎসা কৰি ফুৰা লাওবাবা নিজেই চিকিৎসাধীন

ধিং,3ফেব্ৰুৱাৰী:আনক চিকিৎসা কৰি ঘূৰি ফুৰা লাহৰীঘাটৰ টেঙাগুৰিৰ লাওবাবা ওৰফে হবিবুৰ ৰহমান এতিয়া নিজেই শৰণাপন্ন হৈছে চিকিৎসকৰ ৷ বুধবাৰে লাহৰীঘাট আৰক্ষীয়ে অসুস্থ লাও বাবাক চিকিৎসালয়ত ভৰ্তি কৰে ৷ বৰ্তমান লাহৰীঘাটৰ মহাত্মা গান্ধী চিকিৎসালয়ত চিকিৎসাধীন লাওবাবা ওৰফে হবিবুৰ ৰহমান ৷ উল্লেখ্য যে,কিছুদিন পূৰ্বে লাহৰীঘাটৰ টেঙাগুৰিত আবিৰ্ভাৱ হৈছিল লাওবাবাৰ ৷ টেঙাগুৰি বজাৰত আঁহত গছৰ তলত বহি বিভিন্ন বেমাৰৰ চিকিৎসা কৰা লাওবাবাৰ আৰ্শীবাদ ল'বলৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা বহু লোকৰ সমাগমো ঘটিছিল ৷

আনক চিকিৎসা কৰি ফুৰা লাওবাবা নিজেই চিকিৎসাধীন

লক্ষণীয়ভাৱে অন্ধবিশ্বাসে গ্ৰাস কৰা একাংশ লোকে লাওবাবাৰ চিকিৎসা গ্ৰহণ কৰি সুস্থ হোৱাৰ দাবী কৰি অহাৰ বিপৰীতে একাংশই লাওবাবাক মানসিক বিকাৰগ্ৰস্ত বুলিও আখ্যা দিছে ৷ আনহাতে,লাওবাবাক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱ কুমাৰ শইকীয়াই অন্ধবিশ্বাস আঁতৰ কৰি সাধাৰণ ৰাইজক ভুল পথে পৰিচালিত নহ'বলৈ আহ্বান জনায় ৷

লগতে পঢ়কঃ5 ফেব্ৰুৱাৰীত ৰাজ্যত শিক্ষা বিভাগৰ সৰ্ববৃহৎ শিক্ষক নিযুক্তি

ABOUT THE AUTHOR

...view details