মৰিগাঁও,13 আগষ্ট: ভূমি দখলক কেন্দ্ৰ কৰি মৰিগাঁৱত সৃষ্টি হৈছে এক অবাঞ্চিত পৰিস্থিতি ৷ জিলাখনৰ এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হোৱাৰ পিছতে শিক্ষয়িত্ৰীগৰাকীয়ে অভব্য আচৰণ প্ৰদৰ্শন কৰে গাঁওবুঢ়া আৰু সংবাদ মাধ্যমক । উত্থাপিত অভিযোগ অনুসৰি,প্ৰতিমা মেধি নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে দুৰ্নীতিৰ আশ্ৰয় গ্ৰহণ কৰি একেখন গাঁৱৰে ৰবিৰাম মেধি নামৰ দৰিদ্ৰ পৰিয়ালটোৰ মাটি বন্ধকীত লৈছিল ৷ পৰৱৰ্তী সময়ত ৰবিৰাম মেধিৰ বিয়োগ ঘটাত পুত্ৰ বিপুল মেধিয়ে মাটিখিনি বন্ধকীৰ পৰা মুকলি কৰিবলৈ যোৱাত পোহৰলৈ আহে সমস্ত ঘটনা ৷
উল্লেখ্য যে, শিক্ষয়িত্ৰী গৰাকীয়ে উক্ত বন্ধকী লোৱা ভূমি জাল চহীৰে ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰবিৰাম মেধিৰ পৰিয়ালবৰ্গই ৷ এই বিষয় প্ৰসংগত গাঁৱৰ ৰাইজে দুবাৰকৈ মেল-বিচাৰ অনুষ্ঠিত কৰিছিল যদিও কোনো আশানুৰূপ ফল লাভ নকৰিলে । পৰৱৰ্তী সময়ত ভূক্তভোগী পৰিয়ালটোৱে আইনৰ আশ্ৰয় লয় যদিও শিক্ষয়িত্ৰী গৰাকীৰে গোপন বুজাবুজিৰ ভিত্তিত ধৰমতুল আৰক্ষীয়ে কোনো সহায় কৰাৰ পৰা বিৰত থাকে পৰিয়ালটোক ৷ ইয়াৰ পিছতে পৰিয়ালটোৱে দণ্ডাধীশ লক্ষীনন্দন চহৰীয়াৰ বিৰুদ্ধে গোচৰ তৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৷ কিন্তু দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে কোনো সিদ্ধান্ত প্ৰকাশ নকৰাত মেধিৰ পৰিয়ালটোৱে কাষ চাপে উচ্চ ন্যায়ালয়ৰ ৷