অসম

assam

ETV Bharat / state

ভূমি আৱণ্টনক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত হতাহতি - উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰী স্বেচ্ছাসেৱী সংস্থা কলং-কপিলী

উত্তৰ পূৰ্বাঞ্চলৰ স্বেচ্ছাসেৱী সংস্থা কলং-কপিলীক চৰকাৰীভাৱে আৱণ্টন দিয়া ভূমিক লৈ মালৈবাৰীত স্বেচ্ছাসেৱী সংগঠন আৰু এখন গাঁৱৰ ৰাইজৰ মাজত সোমবাৰে সৃষ্টি হয় সংঘাত ৷ যাৰ ফলত ৰাইজে গেজেং ৰিজাৰ্ভত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ভূমি আবন্টনক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত হতাহতি
ভূমি আবন্টনক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত হতাহতি

By

Published : Feb 23, 2021, 11:49 AM IST

মৰিগাঁও,23 ফেব্ৰুৱাৰী:উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা কলং-কপিলীক চৰকাৰীভাৱে আৱণ্টন দিয়া ভূমিক লৈ মালৈবাৰীত স্বেচ্ছাসেৱী সংগঠন আৰু এখন গাঁৱৰ ৰাইজৰ মাজত সোমবাৰে সৃষ্টি হয় সংঘাতৰ ৷ যাৰ ফলত ৰাইজে গেজেং ৰিজাৰ্ভত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, কামৰূপ (গ্ৰাম্য) ৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত বগীবাৰীত সোমবাৰে উক্ত সংস্থাটোক মাটি দিয়াক কেন্দ্ৰ কৰি স্থানীয় হঁহৰাবাসীয়ে সমজুৱাভাৱে বাধা প্ৰদান কৰে । ইয়াৰ অংশৰূপে চৰণীয়া পথাৰৰ মাজতে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৰাইজে ৷

দুই ফৈদৰ মাজত হতাহতি

ইয়াৰ পিছতেই আৰক্ষী আৰু চক্ৰ বিষয়াৰ প্ৰতিনিধি ঘটনাস্থলীত উপস্থিত হৈ এই ভূমি কেন্দ্ৰিক বিবাদ নিষ্পত্তি নোহোৱালৈকে কোনোৱে মাটি অধিগ্ৰহণ কৰিব নোৱাৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

লগতে পঢ়কঃমাৰ্চত ঘোষণা হ’ব পাৰে বিধানসভা নিৰ্বাচনৰ দিন: মোডী

For All Latest Updates

ABOUT THE AUTHOR

...view details