অসম

assam

নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ লাইখুঁটা স্থাপন

By

Published : Nov 15, 2020, 9:53 AM IST

পোন প্ৰথমবাৰৰ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'ব নাথ যোগী সাহিত্য সন্মিলন ৷ 12 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা সন্মিলনৰ লাইখুঁটা স্থাপন ৷ মৰিগাঁৱৰ চৰাইবাহীত মাংগলিক অনুষ্ঠানৰ মাজেৰে লাইখুঁটা স্থাপন কৰা হয় ৷

নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ লাইখুটা স্থাপন
নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ লাইখুটা স্থাপন

মৰিগাঁও, 15 নৱেম্বৰ:12 ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা নাথ যোগী সাহিত্য সন্মিলনৰ লাইখুঁটা স্থাপন ৷ শনিবাৰে মৰিগাঁৱৰ চৰাইবাহীত এই সন্মিলনৰ বাবে লাইখুঁটা স্থাপন কৰা হয় ৷ উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'ব নাথ যোগী সাহিত্য সংস্কৃতিৰ সন্মিলন ৷ সেয়ে এক মাংগলিক অনুষ্ঠানৰ মাজেৰে চৰাইবাহী সংস্কৃতি প্ৰকল্পৰ, নাথ মন্দিৰৰ প্ৰাংগণত লাইখুঁটা স্থাপন কৰা হয় ৷

মাংগলিক অনুষ্ঠানৰ মাজেৰে নাথ যোগী সাহিত্য সন্মিলন লাইখুটা স্থাপন

12 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা সন্মিলনৰ আদৰণি সমিতিৰ সভাপতি তথা চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ক্ৰমে পদ্মকান্ত নাথ আৰু ৰাজেন্দ্ৰ নাথে লাইখুঁটা স্থাপন কৰে ৷ লাইখুঁটা স্থাপনৰ জৰিয়তে আগন্তুক অভিৱৰ্তনৰ সকলো কাৰ্যসূচী সাফল্য মণ্ডিত কৰিবলৈ সমাজৰ সকলো শ্ৰেণীৰ ৰাইজলৈ আহ্বান আয়োজক সমিতিৰ ।

লগতে পঢ়ক:নগাঁৱত পথ দুৰ্ঘটনাত থিতাহে নিহত বাইক আৰোহী

ABOUT THE AUTHOR

...view details