মৰিগাঁও, 18 মাৰ্চ : শনিবাৰে পুৱা মৰিগাঁও আৱৰ্ত ভৱনৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় এখনি বিশেষ সভাৰ ৷ জিলা প্ৰশাসন, সত্ৰাধিকাৰসকল আৰু সত্ৰ পৰিচালনা সমিতিৰ উপস্থিতিত আয়োজিত এই সভাত মৰিগাঁও জিলাৰ ঐতিহাসিক সত্ৰসমূহত অব্যাহত থকা বেদখলৰ সন্দৰ্ভত আলোচনা কৰা হয় (Satra land encroachment) ৷ লগতে এই আলোচনাত উপস্থিত থাকে মৰিগাঁৱত অসম বিধানসভাৰ তিনিজনীয়া সদস্যৰে গঠিত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ সদস্য আৰু বিষয়া ।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত শ্ৰী শ্ৰী ন-ৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীয়ে কয়, ‘‘সত্ৰখনৰ 484 বিঘা মাটিৰ পৰা 1969 চনত 6 মাৰ্চ তাৰিখে এখন চিঠিৰ যোগে চৰকাৰে 471 বিঘা মাটি অধিগ্ৰহণ কৰিছিল (Kuji Satra in Morigaon)৷
সেই অধিগ্ৰহণ কৰা মাটিৰ পৰা সত্ৰই যি সত্ৰ ভাট্টা পাব লাগে সেয়া লাভ কৰা নাই ৷ এই সন্দৰ্ভত ইতিমধ্যে বহু আৱেদন-নিবেদন কৰা হৈছে যদিও লাভ কৰা নাই কোনো সুদুত্তৰ ৷ ফলত সত্ৰখন পৰিচালনা কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছে সত্ৰ পৰিচালনা সমিতি’’ ৷