মৰিগাঁও,1 মাৰ্চ :অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত সোমবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ সহযোগত মৰিগাঁৱত ‘ভাৰতক জানো’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি পৰে । মৰিগাঁৱৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা নিবন্ধ লেখক মিলেশ্বৰ পাতৰে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ কাৰ্যসূচী মুকলি কৰে । অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ পৰা অহা সাংস্কৃতিক দলসমূহৰ দলপতিক ফুলাম গামোচাৰে আদৰণি জনোৱা হয় । সাংস্কৃতিক অনুষ্ঠানত তেলাংগানা, পাঞ্জাৱ, অৰুণাচল, নাগালেণ্ড আৰু অসমৰ লোক সংস্কৃতিৰ দলসমূহে নিজ নিজ ৰাজ্যৰ স্বকীয় লোক নৃত্য পৰিৱেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।
মৰিগাঁৱত ‘ভাৰতক জানো’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি - know india programme
সাংস্কৃতিক অনুষ্ঠানত তেলাংগানা, পাঞ্জাৱ, অৰুণাচল, নাগালেণ্ড আৰু অসমৰ লোক সংস্কৃতিৰ দলসমূহে নিজ নিজ ৰাজ্যৰ স্বকীয় লোক নৃত্য পৰিৱেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।
মৰিগাঁৱত ‘ভাৰতক জানো’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি