অসম

assam

By

Published : Mar 27, 2021, 4:49 PM IST

ETV Bharat / state

মৰিগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলালে কানহায়া কুমাৰে

শনিবাৰে মৰিগাঁও বিহুতলীত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী মুনিন মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ নেতা কানহায়া কুমাৰে । প্ৰায় দহ সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত যুৱ নেতা কানহায়া কুমাৰে বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়, ভাজপা চৰকাৰে নতুন উদ্যোগ খোলাৰ বিপৰীতে চলি থকা উদ্যোগসমূহ এফালৰ পৰা বন্ধ কৰি আহিছে ।

মৰিগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলালে কানকায়া কুমাৰে
মৰিগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলালে কানকায়া কুমাৰে

মৰিগাঁও,27 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ আন আন সমষ্টিসমূহৰ লেখীয়াকৈ মৰিগাঁও বিধানসভা সমষ্টিটো তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ শনিবাৰে মৰিগাঁও বিহুতলীত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী মুনিন মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ নেতা কানহায়া কুমাৰে । প্ৰায় দহ সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত যুৱ নেতা কানহায়া কুমাৰে বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়, ভাজপা চৰকাৰে নতুন উদ্যোগ খোলাৰ বিপৰীতে চলি থকা উদ্যোগসমূহ এফালৰ পৰা বন্ধ কৰি আহিছে ৷

মৰিগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলালে কানহায়া কুমাৰে

উল্লেখ্য যে, উদ্যোগসমূহৰ সমান্তৰালকৈ বৰাকৰ গৰাখহনীয়া ৰোধ কৰিব নোৱাৰিলে বুলিও অভিযোগ কৰি নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰাৰ লেখীয়াকৈ নিৱনুৱা যুৱক-যুৱতীসকলক নিয়োগ কৰিব নোৱাৰিলে বুলিও সমালোচনা কৰে । সভাত গৃহমন্ত্ৰী অমিত শ্বাহকো সমালোচনা কৰে যুৱ নেতা গৰাকীয়ে ৷ ভাষণ প্ৰসংগত কানহায়া কুমাৰে কয়, এই নিৰ্বাচন দেশ ৰখোৱা আৰু দেশ বিক্ৰী কৰোতাৰ মাজৰ যুঁজ ৷ গতিকে দেশ ৰক্ষাৰ বাবে মৰিগাঁও বিধানসভাৰ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী মুনিন মহন্তক ভোট দি জয়যুক্ত কৰিবলৈ আহবান জনায় ।

লগতে পঢ়ক:খুমটাই সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিস্মিতা গগৈয়ে

ABOUT THE AUTHOR

...view details