মৰিগাঁও, 6 আগষ্ট :মৰিগাঁৱৰ টেঙাগুৰি গাঁৱত বিছা পোক (jute hairy)ৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন দেখিছে চহা কৃষকে । কাৰণ এফালৰ পৰা বিঘাই-বিঘাই মৰাপাট খেতি (jute plant) খাই-খাই তহিলং কৰিছে বিছাই । ইমানেই নহয়, মৰাপাট পাত খাই তহিলং কৰাৰ পিছতে কৃষকসকলৰ বাৰীৰ লাও ,জিকা-ভোল, বেঙেনা ,আলু ,কচু, জলকীয়া ইত্যাদি বিভিন্ন শাক-পাচলিৰ খেতিও খাই বিস্তৰ ক্ষতি সাধন কৰিছে বিছাজাকে ।
শাক-পাচলি খেতিৰ বিস্তৰ ক্ষতিসাধন কৰাৰ পাছত কৃষকসকলৰ ঘৰত প্ৰৱেশ কৰিছে জাক-জাক বিছা ৷ একেবাৰে শোৱনি কোঠা , পাকঘৰ, বিছনা- পত্ৰ, বাচন-বৰ্তন, কাপোৰ-কানি সকলোতে মিছাৰ ত্ৰাস ৷ ফলত ঘৰত খাব-শুৱ নোৱাৰা পৰিবেশ সৃষ্টি হৈছে স্থানীয় লোকসকলৰ । বিছাৰ উপদ্ৰৱৰ কাৰণে কণ-কণ ল’ৰা-ছোৱালীসকলক ঘৰৰ পৰা আঁতৰাই ৰাখিবলগীয়া হৈছে ।
লগতে পঢ়ক -হোজাই জিলাৰ ডাবলং স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি