অসম

assam

By

Published : Sep 15, 2020, 7:29 PM IST

ETV Bharat / state

মধ্যভোগীৰ হাতোৰাত বন্দী মৰাপাট কৃষকৰ ভৱিষ্যত

ভূতৰ ওপৰত দানহ পৰাৰ দৰে কৰ'ণাৰ পিছত এইবাৰ কৃষি ক্ষেত্ৰত নামিছে মধ্যভোগী ৷ মধ্যভোগীৰ উৎপাতত মৰাপাটৰ খেতিয়কসকল আজি দিশহাৰা ৷ কঠোৰ পৰিশ্ৰমেৰে খেতি কৰা কৃষকসকলৰ দুখ কুলাই-পাচিয়ে নধৰা হৈছে ৷ মৰিগাঁৱৰ কৃষক সকলে বজাৰত মৰাপাটৰ উচিত দাম নাপাই ত্ৰাহি মধুসুদন সুঁৱৰিছে ৷

Jute farmer effected in lock down due to lack of proper market morigaon assam Etv bharat news
মৰাপাট খেতি

মৰিগাঁও,15 ছেপ্তেম্বৰ:কৃষকৰ দুখ-দুৰ্দশাৰ সীমা নাই ৰাজ্যত ৷ ৰাজ্যৰ অধিকাংশতে দেখা গৈছে কৃষকৰ দুৰৱস্থা ৷ মৰিগাঁৱতো কৃষকসকলৰ মাজত দেখা দিছে বিভিন্ন সমস্যাই ৷ কিন্তু কৃষকৰ সমস্যাৰ প্ৰতি আহৰি জনাবলৈ সময় নাই কৃষি মন্ত্ৰীৰ ৷ কিয়নো কৃষি মন্ত্ৰী অতুল বৰা এতিয়া ব্যস্ত অগপ দলৰ সভাপতিৰ আসন ৰক্ষা কৰাত ৷ উচিত মূল্য পৰা বঞ্চিত হৈছে মৰাপাট কৃষকসকলো ৷ বিশেষকৈ মধ্যভোগীৰ হস্তক্ষেপৰ বাবে এতিয়া এইসকল কৃষকে পানীদৰত বিক্ৰী কৰিছে মৰাপাট ৷ ইতিপূৰ্বে বানত বিনষ্ট কৃষি ভূমিৰ বাবে কৃষকে লাভ নকৰিলে কোনো সাহায্য ৷ অসাৰ প্ৰতিপন্ন হ’ল কৃষি মন্ত্ৰীৰ ঘোষণা ৷

লোকচানৰ সন্মুখীন মৰাপাট কৃষক

কপালৰ ঘাম মাটিত পেলাই কৰা খেতিৰ বিনিময়ত এতিয়া কৃষকসকল বঞ্চিত হৈছে উচিত মূল্য লাভৰ পৰা ৷ প্ৰতিডৰা মৰাপাট খেতিৰ বাবদ কৃষকে ব্যয় কৰে মোনে প্ৰতি 1500-1600 টকা ৷ কিন্ত লাভ নকৰে উচিত বিক্ৰী মূল্য ৷ কৃষকৰ চকুপানীৰ প্ৰতি মৰ্মবেদনা জনাবলৈ মৰাপাট নিগমৰ নাই আহৰি ৷ কাৰ্যালয়ৰ সলনি ঘৰত বহিয়েই নিগমে নিৰ্ধাৰণ কৰে মৰাপাটৰ মূল্য ৷ নিগমৰ এনে স্থিতিৰ ফলতেই মৰাপাটৰ বজাৰখন হৈ পৰিছে মধ্যবোগীৰ বাবে ৰঙা দলিচা সদৃশ ৷ ফলত পানীৰ দৰত মৰাপাট বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিছে কৃষকসকল ৷

লগতে চাওকঃনগাঁও-কাছাৰ কাগজ কলক লৈ ৰাজ্যসভাত সৰৱ ৰিপুন বৰা

ABOUT THE AUTHOR

...view details