মৰিগাঁও, 18 জানুৱাৰীঃ বিনিময় প্ৰথা আৰু নৃত্য-গীতৰে সামৰণি পৰিল ঐতিহাসিক জোনবিল মেলা । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা জোনবিল মেলাৰ শেষৰ দিনা কাৰ্যসূচী অনুসৰি মেলাস্থলীত বহে প্ৰাচীন গোভাৰাজ্যৰ ১৮ জনকৈ প্ৰতীকী ৰজা সৈতে দীপসিং দেওৰজাৰ ৰাজদৰবাৰ । শনিবাৰৰ এই ৰাজদৰবাৰ উদ্ধোধনী ভাষণ ৰাখে মৰিগাঁও বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে । সামৰণি কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজদৰবাৰতে মধ্য অসমৰ ১৮ জন প্ৰতীকী ৰজাক ১ লাখকৈ সাহাৰ্য প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
জোনবিল মেলাঃ ১৮ জনকৈ প্ৰতীকী ৰজাক 1 লাখকৈ প্ৰদান মুখ্যমন্ত্ৰীৰ - ১৮ জনকৈ প্ৰতীকী ৰজাক 1 লাখকৈ প্ৰদান মুখ্যমন্ত্ৰীৰ
জনসমুদ্ৰত পৰিণত ঐতিহাসিক জোনবিল মেলা । পাহাৰ-ভৈয়ামৰ মিলনথলী হোৱাৰ পাছত জোনবিলৰ সামৰণি দিনা লোকে লোকাৰণ্য হৈ পৰিল গোভাৰাজ্যৰ জোনবিলৰ বাকৰি । ৰাজদৰবাৰত বহিল মধ্য অসমৰ ১৮ জনকৈ প্ৰতীকী ৰজা । ১৮ জন প্ৰতীকী ৰজাক ১ লাখকৈ সাহাৰ্য প্ৰদান মুখ্যমন্ত্ৰীৰ
জোনবিল মেলা
আনহাতে, শনিবাৰৰ জোনবিল মেলাৰ সামৰণি কাৰ্যসূচীত জাগীৰোডৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকা, জিলা উপায়ুক্ত ঋতু ৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, প্ৰবীন লেখক মিলেশ্বৰ পাতৰ, তিৱা নৃত্য গুৰু নাদিৰাম দেউৰী, নাৰায়ণ ৰাডুকাকতিকে প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । তিৱা লোক নৃত্যৰে জীপাল কৰা শনিবাৰৰ সামৰণি অনুষ্ঠানটো আঁত ধৰে জোনবিল মেলা উন্নয়ন সমিতিৰ সম্পাদক জুৰচিং বৰদলৈয়ে ।
আৰু পঢ়কঃ ধাৰাপুৰত 'গণ হুংকাৰ' কাৰ্যসূচী