মৰিগাঁও, 15 জানুৱাৰী : মৰিগাঁৱত অহা ২১ৰ পৰা ২৩ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া প্ৰাচীন গোভা জোনবিল মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে । জোনবিল মেলাৰ পৰিচালনা সমিতিৰ সম্পাদক জুৰসিং বৰদলৈয়ে উল্লেখ কৰা অনুসৰি প্ৰথম দিনা কাৰ্যসূচীৰ মতে গোভা ৰজা দীপসিং দেউৰজাই জোনবিলত মাছ ধৰি ভোজভাত আৰু কৰকাতল সংগ্ৰহ কৰিব ।
দ্বিতীয় দিনাৰ কাৰ্যসূচী ঐতিহাসিক পাহাৰ ভৈয়ামৰ খাদ্য সম্ভাৰৰ বিনিময় সম্পন্ন হ’ব । পুৱতি নিশা এই বিনিময় প্ৰথা উদ্ধোধন কৰিব মৰিগাঁৱৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে । আনহাতে তৃতীয় দিনা মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ সাংস্কৃতিক অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড৹ বিশ্ব শৰ্মা, স্থানীয় বিধায়কদ্বয় ক্ৰমে পীয়ূষ হাজৰিকা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু তিৱা স্বায়ত্বশাসিত পৰিষদৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ।