মৰিগাঁও, 12 নৱেম্বৰ :বুধবাৰে জাগীৰোডৰ বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই জোনবিল মেলাৰ পাৰত থকা ডালমিয়া চিমেন্ট কোম্পানীটোৰ স্থাপন কৰাৰ প্ৰসংগত বক্তব্য আগবঢ়াই কৈছিল যে, জোনবিলৰ অস্তিত্ব নাই । মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জোনবিল মেলা পৰিচালনা সমিতিয়ে ৷ সমিতিৰ সভাপতি জুৰচিং বৰদলৈ প্ৰমুখ্যে সমিতিৰ একাংশ বিষয় ববীয়াই ইটিভি ভাৰতৰ সৈতে এক সাক্ষাৎকাৰত কয় যে, মন্ত্ৰী হাজৰিকাই এই মন্তব্য কিয় কৰিছে তেওঁলোকে বুজিব পৰা নাই ৷
যিহেতু জোনবিল মেলা 4 বছৰৰ পূৰ্বৰ পৰা চলি আহিছে আৰু জোনবিলক আধাৰ ৰূপে লৈ তিৱা সমাজ, সংস্কৃতি আৰু অসমীয়া সমাজৰ পৰিচয় বিশ্ব দৰবাৰত উজ্বলিছে । ভাৰতৰ দহখন ব্যতিক্ৰমী মেলাৰ তালিকাত জোনবিলৰ পাৰত বহা জোনবিল মেলাই স্থান লাভ কৰিছে । লাখ লাখ পাহাৰ-ভৈয়ামৰ লোকৰ সমন্বয় থলী হৈছে জোনবিল । সেয়ে মন্ত্ৰীগৰাকীৰ এই মন্তব্যই তিৱা সমাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।